বৰপেটাৰ কাৰাইখাইতি নৈপৰীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি
বৰপেটাৰ কাৰাইখাইতি নৈপৰীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি।
বৰপেটাৰ কাৰাইখাইতি নৈপৰীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি


বৰপেটা, ১৪ আগষ্ট (হি.স.): বৰপেটাৰ কাৰাইখাইতি নৈপৰীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত যোৱা কালি বৃহস্পতিবাৰে বিয়লি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । চিকিৎসালয়ৰ কাৰ্যনিৰ্বাহক সভাত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ । চিকিৎসালয়ৰ কেইবাটাও উন্নয়ণমূলক কাম কৰাৰ বাবে পূৰ্বৰ সভাত লোৱা সিদ্ধান্তক বুঢ়া আঙুলি দেখুওৱাত ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়াৰ এনে মইমতালিত খৰ্গহস্ত হৈ জবাবদিহি কৰে চিকিৎসক গৰাকীক।

অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি চিকিৎসালয়খনত ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়াজনে নিজৰ খেয়াল খুচি মতে কৰ্তব্য পালন কৰাৰ লগতে চৰকাৰে আৱন্টন দিয়া ধন ব্যয়ৰ নামতো ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰি আহিছে । ভৱিষ্যতে এনে কাম নকৰিবলৈ চিকিৎসক গৰাকীক সকীয়াই দিয়ে পৰিচালনা সমিতিৰ সভাপতিয়ে । তদুপৰি সপ্তাহৰ ছয় দিনে চিকিৎসালয়ত চিকিৎসক, নাৰ্চ আৰু অন্যান্য কৰ্মচাৰীসকলক উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হয় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande