মানকাচাৰত জিলা আৰক্ষীৰ উদ্যোগত ‘হৰ ঘৰ ত্ৰিৰংগা সমদল
দক্ষিণ শালমাৰা- মানকাচৰ, ১৪ আগষ্ট (হি.স.)। দক্ষিণ শালমাৰা- মানকাচৰ জিলা আৰক্ষীৰ উদ্যোগত আজি মানকাচাৰত এক বিশাল ‘হৰ ঘৰ তিৰংগা’ সমদল অনুষ্ঠিত হয়। আজি পুৱা মানকাচৰৰ অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা কাৰ্যালয়ৰ সমুখৰ পৰা এই সমদল শুভাৰম্ভ কৰা হয়। সমদলট
মানকাচাৰত জিলা আৰক্ষীৰ উদ্যোগত ‘হৰ ঘৰ ত্ৰিৰংগা সমদল


দক্ষিণ শালমাৰা- মানকাচৰ, ১৪ আগষ্ট (হি.স.)। দক্ষিণ শালমাৰা- মানকাচৰ জিলা আৰক্ষীৰ উদ্যোগত আজি মানকাচাৰত এক বিশাল ‘হৰ ঘৰ তিৰংগা’ সমদল অনুষ্ঠিত হয়। আজি পুৱা মানকাচৰৰ অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা কাৰ্যালয়ৰ সমুখৰ পৰা এই সমদল শুভাৰম্ভ কৰা হয়। সমদলটোৱে মানকাচৰ চহৰৰ মুখ্য পথ পৰিক্ৰমা কৰি মানকাচৰ আৰক্ষী থানাত উপস্থিত হৈ সামৰণি পৰে।

উক্ত শোভাযাত্ৰাত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰৰ লগতে আৰক্ষী বিভাগৰ বিভিন্ন পৰ্যায়ৰ বিষয়া সকল, আৰক্ষী কৰ্মী আৰু স্থানীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে উৎসুকতাৰে অংশগ্ৰহণ কৰে। হাতে হাতে জাতীয় পতাকা লৈ অংশগ্ৰহণকাৰী সকলে দেশপ্ৰেমমূলক শ্লোগানেৰে মানকাচৰৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande