
বৰপেটা, ১৪ আগষ্ট (হি.স.)। কাইলৈ সমগ্ৰ দেশতে উলহ-মালহেৰে উদযাপন কৰা হ’ব ৮০ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশপ্ৰেমৰ বতৰা কঢ়িয়াই আজি কলগাছিয়াত উলিওৱা হয় ‘হৰ ঘৰ তিৰংগা’ যাত্ৰা।কলগাছিয়া চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা উলিওৱা হয় এখন বৃহৎ বাইক ৰেলী।
হাতে হাতে জাতীয় পতাকা লৈ বাইক ৰেলীত অংশগ্ৰহণ কৰে কেইবাগৰাকীও লোক আৰু বিষয়ববীয়াই।চক্ৰ বিষয়াৰ নেতৃত্বত উলিওৱা এই ৰেলীৰ জৰিয়তে ৰাইজৰ মাজত দেশপ্ৰেমৰ ভাৱনা অধিক শক্তিশালী কৰাৰ লগতে প্ৰতিটো ঘৰত তিৰংগা উত্তোলনৰ বাবে সজাগতা সৃষ্টি কৰাৰ লক্ষ্য লোৱা হয়।স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কলগাছিয়াৰ এই ‘হৰ ঘৰ তিৰংগা’ যাত্ৰাই সৃষ্টি কৰে এক দেশপ্ৰেমমূলক পৰিৱেশ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ