
কামৰূপ, ১৪ আগষ্ট (হি.স.)। হাজোৰ একাদিৰ এগৰাকী মহিলা প্ৰেমৰ কাহিনী। পৰকীয়া প্ৰেমত পৰি গুৱাহাটীৰ পৰা পালে ধুবুৰী । গুৱাহাটীৰ পৰা একাদিৰ ময়িদুল উভতিল ঘৰলৈ পত্নী পলাল ধুবুৰীলৈ।
হাজোৰ একাদিত চাঞ্চল্য। এমাহ পূৰ্বে ইলেক্ট্ৰিক অটো চলাই পত্নীৰ সৈতে জীৱন যাপন কৰিম বুলি গুৱাহাটীলৈ গৈছিল একাদিৰ ময়িদুল ইছলাম। এমাহ নৌহওতেই ময়িদুলক এৰি পৰকীয়া প্ৰেমত মত্ত হৈ ধুবুৰী পালেগৈ পত্নী আবেদা খাতুন। বিপাঙত ময়িদুল। শোকে দুখে পত্নী অবিহনে ঘৰলৈ উভতিল ময়িদুল। এতিয়া পত্নীক ওভতাই পোৱাৰ হেপাহ নাই পত্নীৰ প্ৰতি প্ৰেমো নাই ময়িদুলৰ। ময়িদুলৰ অভিযোগ তেওৰ অনুপস্থিতিত প্ৰায়ে ফোনত ব্যস্ত আছিল পত্নী আবেদা। ফোনটো চাব বিচাৰিলে আত্মহত্যাৰ ভাবুকি দিছিল পত্নীয়ে। ফোনটোৱে কাল হল । প্ৰায়ে ইনষ্টাগ্ৰাম ফেচবুকত ব্যস্ত থকা পত্নীয়ে অৱশেষত ময়িদুলৰ বুকু শুদা কৰি আনৰ সৈতে পলাই গল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা