গোৱালপাৰাৰ কুমৰীত হত্যাকাণ্ড
গোৱালপাৰা, ১৪ আগষ্ট (হি.স.)। গোৱালপাৰাৰ কুমৰীত হত্যাকাণ্ড । ছাহানুৰ আলী নামৰ লোক জনক মৰিয়াই মৰিয়াই হত্যা । অভিযোগ নিশা হাছান আলী নামৰ লোক জনৰ ঘৰত গৈছিল হত্যাকাণ্ডৰ বলি হোৱা ছাহানুৰ আলী । পিছত ছাহানুৰ আলীক প্ৰহাৰ কৰি থকাৰ খবৰ পাই তেওঁৰ আত্মীয় আৰু
গোৱালপাৰাৰ কুমৰীত হত্যাকাণ্ড


গোৱালপাৰা, ১৪ আগষ্ট (হি.স.)। গোৱালপাৰাৰ কুমৰীত হত্যাকাণ্ড । ছাহানুৰ আলী নামৰ লোক জনক মৰিয়াই মৰিয়াই হত্যা । অভিযোগ নিশা হাছান আলী নামৰ লোক জনৰ ঘৰত গৈছিল হত্যাকাণ্ডৰ বলি হোৱা ছাহানুৰ আলী । পিছত ছাহানুৰ আলীক প্ৰহাৰ কৰি থকাৰ খবৰ পাই তেওঁৰ আত্মীয় আৰু আৰক্ষী উপস্থিত হৈ লোকজনক সংকট জনক অৱস্থাত উদ্ধাৰ কৰি গোৱালপাৰাৰ শ্বহীদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ।

সেইমতে লোক জনক বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ নিয়া অৱস্থাত মৃত্যু হয় । অৱশ্যে কি কাৰণত লোকজনক প্ৰহাৰ কৰা হৈছিল সেই বিষয় স্পষ্ট হোৱা নাই যদিও আৰক্ষীয়ে এই ক্ষেত্ৰত চাৰিজন লোকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে । ইফালে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰি আছে । আৰক্ষী আৰু ফৰেনছিক দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande