



শোণিতপুৰ, ১৪ আগষ্ট (হি.স.)। ভাৰতৰ ৮০সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি শোণিতপুৰ জিলাৰ একমাত্ৰ জীৱিত প্ৰবীন স্বাধীনতা সংগ্ৰামী নদুৱাৰ সম-জিলাৰ জামুগুৰিহাটৰ মৰনাকুৰি গাঁৱৰ ১০৬বছৰীয়া ঠগিৰাম বৰাক প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। প্ৰবীন স্বাধীনতা সংগ্ৰামী গৰাকীৰ বাসগৃহত আজি শুকুৰবাৰে বিয়লি নদুৱাৰ সম-জিলা আয়ুক্ত মানস কুমাৰ শইকীয়া উপস্থিতহৈ প্ৰবীন স্বাধীনতা সংগ্ৰামী গৰাকীক ফুলাম গামোছাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সম-জিলা আয়ুক্ত গৰাকীয়ে স্বাধীনতা সংগ্ৰামী গৰাকীৰ স্বাস্থ্য সম্পৰ্কে বিতং বুজলৈ তেখেতৰ সুস্বাস্থ্য কামনা কৰে।
উল্লেখ্য যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত বৃটিছৰ বিৰুদ্ধে মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত চলা অহিংস আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি স্বাধীনতা সংগ্ৰামত কানিৰ বিৰুদ্ধে চলা সংগ্ৰামতো বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা এই গৰাকী স্বাধীনতা সংগ্ৰামীক ভাৰত চৰকাৰে তাম্ৰপত্ৰ প্ৰদান কৰাৰ লগতে ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ মুক্তিযুঁজাৰু পেঞ্চন লাভ কৰা স্বাধীনতা সংগ্ৰামী গৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰো কাম কাজৰ উন্নয়নমূলক কামৰ ভূয়সী প্ৰশংসা কৰে।
আনহাতে স্বাধীনতা সংগ্ৰামী গৰাকীৰ পুত্ৰ অজিত শইকীয়াই পিতৃৰ স্বাধীনতা সংগ্ৰামলৈ আগবঢ়োৱা অৱদানৰ কথা ব্যক্ত কৰে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ