কলগাছিয়াৰ খাৰবাল্লী গাৱঁৰ চৰত ভয়াৱহ অগ্নিকাণ্ড
কলগাছিয়াৰ খাৰবাল্লী গাৱঁৰ চৰত ভয়াবহ অগ্নিকাণ্ড৷
কলগাছিয়াৰ খাৰবাল্লী গাৱঁৰ চৰত ভয়াৱহ অগ্নিকাণ্ড


বৰপেটা, ১৪ আগষ্ট (হি.স.): বৰপেটা জিলাৰ কলগাছিয়াৰ খাৰবাল্লী গাৱঁৰ চৰত যোৱা কালি নিশা ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত এগৰাকী বৃদ্ধা মহিলা (৬৫) অগ্নিদগ্ধ হৈ মৃত্যু হয় ৷

ইফালে জুই নমুৱাবলৈ গৈ আহত হয় কেইবাজন লোক ৷ সংকটজনক অৱস্থাত এজনক কলগাছিয়াৰ অসামৰিক চিকিৎসালয় লৈ যায় । অগ্নিকাণ্ডত ২ টা বাসগৃহ সহ ১৫ লক্ষাধিক টকাৰ সম্পত্তিৰ ক্ষতিসাধন হোৱা বুলি কোৱা হৈছে ৷ বিদ্যুতৰ ছৰ্টছাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হয় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande