
কুচবিহাৰ, ১৪ আগষ্ট (হি.স.)। নেতাজী সুভাষ চন্দ্ৰ বসুৰ সন্দৰ্ভত কথিত বিতৰ্কিত মন্তব্যৰ সৈতে জড়িত কোচবিহাৰৰ জ্যেষ্ঠ নেতা তথা বিজেপি ৰাজ্যসভাৰ সাংসদ তথা অনন্ত মহাৰাজ নামেৰেও পৰিচিত নগেন ৰায়ৰ সমস্যা বাঢ়িছে। কোচবিহাৰৰ কোটৱালি থানাত বিভিন্ন ধাৰাত তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। এই এফআইআৰক লৈ ৰাজনৈতিক আৰু সামাজিক মহলত চাঞ্চল্যৰ সৃষ্টি হৈছে।
নেতাজীক লৈ অপমানজনক মন্তব্য কৰাৰ অভিযোগত বিগত কিছুদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে নগেন ৰায়ে। ইতিমধ্যে এই গোচৰত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি তেওঁৰ পাঁচজন সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি ধৃত ব্যক্তিসকলে নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত অপমানজনক মন্তব্য কৰিছিল।
নেতাজীক লৈ অপমানজনক মন্তব্য কৰাৰ অভিযোগত নগেন ৰায়ৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। চৰকাৰে তেওঁক প্ৰদান কৰা বংগবিভূষণ বঁটা প্ৰত্যাহাৰ কৰা হৈছে। এতিয়া কোটোৱালি থানাত দাখিল কৰা এফ আই আৰৰ লগে লগে বিষয়টো অধিক গুৰুতৰ হৈ পৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি সমগ্ৰ বিষয়টোৰ সবিশেষ তদন্ত আৰম্ভ কৰা হৈছে। উপলব্ধ প্ৰমাণ আৰু আইনী প্ৰক্ৰিয়াৰ ভিত্তিত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
কিন্তু এফ আই আৰ পঞ্জীয়ন হোৱাৰ পাছতো নগেন ৰায়ক গ্ৰেপ্তাৰ নকৰাক লৈ বিভিন্ন মহলে প্ৰশ্ন উত্থাপন হৈছে। বহুতে এই গোচৰত ক্ষিপ্ৰ আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। এই ঘটনাই কুচবিহাৰৰ ৰাজনৈতিক পৰিৱেশো উত্তপ্ত কৰি তুলিছে। বিৰোধী দলসমূহে এই অভিযোগক তীব্ৰ গৰিহণা দি সাংসদগৰাকীৰ পদত্যাগৰ দাবী জনাইছে। কোটোৱালি থানাত ৰুজু হোৱা এফআইআৰৰ পিছতে এতিয়া আৰক্ষীৰ অধিক পদক্ষেপৰ ওপৰত সকলোৰে দৃষ্টি।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া