তেজপুৰৰ জ্যেষ্ঠ অধিবক্তা প্ৰয়াত সাংসদ ড০ পূৰ্ণ নাৰায়ণ সিংহৰ বোৱাৰী, সমাজকৰ্মী দুলুমণি সিংহৰ বিয়োগ
শোণিতপুৰ, ১৪ আগষ্ট (হি.স.)। তেজপুৰৰ পুৰণি পুলিচ লাইন নিবাসী তথা এগৰাকী জ্যেষ্ঠ অধিবক্তা দুলুমণি সিংহৰ আজি শুকুৰবাৰে আকস্মিক বিয়োগৰ বাতৰিয়ে তেজপুৰৰ অধিবক্তা সমাজৰ লগতে সমাজৰ বিভিন্ন বৰ্গৰ লোকক শোকাহত কৰিছে ৷ উল্লেখযোগ্য যে, তেজপুৰ লোকসভা সমষ্টিৰ প
সমাজকৰ্মী দুলুমণি সিংহৰ বিয়োগ


শোণিতপুৰ, ১৪ আগষ্ট (হি.স.)।

তেজপুৰৰ পুৰণি পুলিচ লাইন নিবাসী তথা এগৰাকী জ্যেষ্ঠ অধিবক্তা দুলুমণি সিংহৰ আজি শুকুৰবাৰে আকস্মিক বিয়োগৰ বাতৰিয়ে তেজপুৰৰ অধিবক্তা সমাজৰ লগতে সমাজৰ বিভিন্ন বৰ্গৰ লোকক শোকাহত কৰিছে ৷ উল্লেখযোগ্য যে, তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ প্ৰয়াত ড° পূৰ্ণ নাৰায়ণ সিংহৰ পুত্ৰ প্ৰয়াত সাংবাদিক পংকজ নাৰায়ণ সিংহৰ সহধৰ্মিনী আছিল দুলুমণি সিংহ ৷ তেওঁ দীঘলীয়া সময় অসুস্থতাত ভূগী আছিল য’দিও অধিবক্তা হিচাপে তেওঁৰ দায়িত্ব পালন কৰি আহিছিল ৷

উল্লেখ্য় যে যোৱা দেওবাৰে তেজপুৰৰ পৰা তেওঁ গুৱাহাটীলৈ যায় আৰু তাৰপৰাই তেওঁৰ শ্বিলঙত থকা কন্যাৰ ঘৰলৈ যায় ৷ বিগত কে’বাবছৰ ধৰি উচ্চ ৰক্তচাপ, মধুমেহ তথা বিষৰ সমস্যাত ভূগী থকা জ্যেষ্ঠ অধিবক্তা গৰাকীৰ শাৰীৰিক অসুস্থতা অধিক বৃদ্ধি পোৱাত কালি দিনত তেওঁক গুৱাহাটীৰ এপল' ইন্টাৰনেচনেল চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু আজি পুৱা তেওঁ কিছু সুস্থ হৈ উঠিছিল যদিও চিকিৎসাধীন অৱস্থাতে আজি দুপৰীয়া প্ৰায় ১-৩০বজাত তেওঁ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ বিয়োগ ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২ বছৰ ।

উল্লেখ্য যে ১৯৭৭ চনত তেজপুৰ আদালতত এগৰাকী অধিবক্তা হিচাপে যোগদান কৰি তেজপুৰ উকিল সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে সুদীৰ্ঘ ৫০ বছৰ ধৰি এগৰাকী জ্যেষ্ঠ অধিবক্তা হিচাপে তেওঁ তেওঁ শোণিতপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত, মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত আৰু মটৰ দুৰ্ঘটনা দাবী প্ৰাধিকৰণ আদি বিভিন্ন আদালতত সফলভাৱে ওকালতি কৰিছিল । আলফাৰ জ্যেষ্ঠ উপদেষ্টা প্ৰয়াত ভীমকান্ত বুঢ়াগোহাঁইৰ হৈয়ো প্ৰয়াত দুলুমণি সিংহই তেজপুৰত ওকালতি কৰিছিল ৷ তেজপুৰ উকীল সন্থাৰ এগৰাকী দক্ষ আৰু জ্যেষ্ঠ সদস্য হিচাপে প্ৰতিষ্ঠিত সিংহ তেজপুৰৰ সামাজিক তথা শৈক্ষিক ক্ষেত্ৰখনৰ স’তে জড়িত আছিল। তেওঁ বিভিন্ন সময়ত তেজপুৰৰ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ উপৰি একাধিক অনুষ্ঠানসমূহৰ স’তে জড়িত আছিল ৷

উল্লেখযোগ্য যে, ড° পূৰ্ণ নাৰায়ণ সিংহই তেজপুৰৰ পৰা প্ৰকাশ আৰু সম্পাদনা কৰা বহুল প্ৰচলিত অধুনালুপ্ত মহাজাতি কাকতখন ড° সিংহৰ মৃত্যুৰ পিছত, কাকতখন জীয়াই ৰখাৰ স্বাৰ্থত দুলুমণি সিংহই মহাজাতি কাকতখনৰ পৰিচালনা আৰু প্ৰকাশৰ দায়িত্ব গ্ৰহণ কৰি কে’বা বছৰ প্ৰচলন অব্যাহত ৰাখিছিল। এগৰাকী সৰবৰহী মহিলা হিচাপে সকলোৰে পৰা আদৰ আৰু সন্মান লাভ কৰা দুলুমণি সিংহৰ বিয়োগত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী, বৰছলাৰ বিধায়ক ঋতুবৰণ শৰ্মা, অগপ নেতা অপূৰ্ব ভট্টাচাৰ্য, জ্যেষ্ঠ অধিবক্তা মাধুৰ্য গোস্বামী, আজুৰ পংকজ কুমাৰ নাথ, তেজপুৰ উকিল সন্থা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন, শোণিতপুৰ প্ৰেছ ক্লাৱ, সাংবাদিক সংস্থা জাফা, তেজপুৰ সাহিত্য সভা, বাণ থিয়েটাৰ আদিকে ধৰি বহুসংখ্যক ব্যক্তি তথা অনুষ্ঠানে শোক প্ৰকাশ কৰিছে৷

বিয়োগৰ সময়ত দুই বিবাহিতা কন্যাৰ লগতে আত্মীয়স্বজন এৰি যোৱা প্ৰয়াত দুলুমণি সিংহৰ নশ্বৰদেহ আজি নিশা তেজপুৰৰ নিজা বাসগৃহ আহি পোৱাৰ পিছত কাইলৈ শনিবাৰে দিনত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি পৰিয়ালৰ লোকে সদৰি কৰিছে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande