
নতুন দিল্লী, ১৪ আগষ্ট (হি.স.)। স্বাধীনতা দিৱসৰ মাত্ৰ এদিন পূৰ্বে শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ত বোমাৰ ভাবুকি পোৱা গৈছে। ইমেইলযোগে এই ভাবুকি লাভ কৰিছে। অৱশ্যে তদন্তৰ অন্তত এই ভাবুকি এটা প্ৰৱঞ্চনা বুলি ধৰা পৰে।
উচ্চ ন্যায়ালয়ত দিনৰ ২:১১ বজাত ৩০ এম বি বিস্ফোৰণৰ ভাবুকি দিয়া ইমেইল লাভ কৰে। ইফালে, বিয়লি ৩:১১ বজাত জিলা আদালতত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হয়। ইমেইলটোত লিখা আছিল, দিল্লী খালিস্তান হ'ব।
দিল্লী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্থাৰ বিষয়াসকলে কয় যে এই পৰিস্থিতিৰ সমাধানৰ বাবে আৰক্ষীয়ে যৎপৰোনাস্তি চেষ্টা চলাইছে। উচ্চ ন্যায়ালয়ৰ উকীল সন্থাৰ যুটীয়া সম্পাদক কুনাল মালহোত্ৰাই বোমা বিস্ফোৰণৰ ভাবুকি মিছা বুলি উল্লেখ কৰি সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ইয়াৰ পূৰ্বে ২০২৫ চনৰ ১২ ছেপ্টেম্বৰত উচ্চ ন্যায়ালয়ে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰিছিল। ২০১৭ চনৰ ১৭ আগষ্টত দিল্লী আৰক্ষী মুখ্য কাৰ্যালয়লৈও উচ্চ ন্যায়ালয় উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া