
চিৰাং, ১৪ আগষ্ট (হি.স.)। চিৰাঙৰ চিদলীত জাপানীজ এনকেফেলাইটিছ জ্বৰৰ পাদুৰ্ভাৱ।
চিদলী ৰাজহচক্ৰৰ অন্তৰ্গত শিলঘাগৰী গাঁৱত এগৰাকী বৃদ্ধা মহিলা সহ দুগৰাকী জাপানীজ এনকেফেলাইটিছ জ্বৰত আক্ৰান্ত।
ইয়াৰে জাপানীজ এনকেফেলাইটিছ জ্বৰত আক্ৰান্ত হোৱা ক্ৰমে শিলঘাগৰীৰ কৈলাগাঁৱৰ জামিনী বসুমতাৰী (৭১) আৰু শিলঘাগৰীৰ শ্যাম বসুমতাৰীৰ ২০ বছৰীয়া পুত্ৰ এৰলিছ বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে ।
ইয়াৰে জামিনী বসুমতাৰীৰ সম্প্ৰতি কোকৰাঝাৰ মেডিকেল কলেজৰ পৰা চিকিৎসা গ্ৰহণ কৰি ঘৰত আহিছে যদিও এৰলিছ বসুমতাৰী এতিয়াও বঙাইগাঁৱৰ এখনি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ আই চি ইউ ত এসপ্তাহ ধৰি জীৱন-মৃত্যুৰ সৈতে যুঁজ আছে ।
কিন্তু স্থানীয় লোকৰ অভিযোগ যে চিদলীৰ শিলঘাগৰী এলেকাত দুগৰাকীকৈ জাপানীজ এনকেফেলাইটিছ জ্বৰত আক্ৰান্ত হোৱাৰ নিশ্চিত তথ্য লাভ কৰাৰ পিছতো যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই ।
কেৱল জিলা স্বাস্থ্য বিভাগৰ পৰা জেই আক্ৰান্ত ৰোগীৰ ঘৰত ম'হ খেদিওৱা ধোৱা দি গুচি গৈছে ।
দুজনকৈ JE ত আক্ৰান্ত হোৱা নিশ্চিত হোৱাৰ পিছত শিলঘাগৰী এলেকাত জিলা স্বাস্থ্য বিভাগৰ যেনেধৰনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনে ব্যৱস্থা নকৰাৰ বাবে স্থানীয় লোকে ক্ষোভ ব্যক্ত কৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা