জালুকবাৰী সমষ্টিত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ শুভ উদ্বোধন মুখ্যমন্ত্রী ড° শৰ্মাৰ
আজাৰা কেওটপাৰাৰ শ্রীশ্ৰী মা মনসা মন্দিৰ আৰু গোঁসাইপাৰাৰ শ্রীশ্ৰী বংশীগোপাল মন্দিৰ দৰ্শন কৰি ৰাজ্যবাসীৰ কুশল-মংগল কামনা মুখ্যমন্ত্ৰীৰ গুৱাহাটী, ১৪ আগষ্ট (হি.স.)। মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাই আজি জালুকবাৰী সমষ্টিত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ
জালুকবাৰী সমষ্টিত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ শুভ উদ্বোধন মুখ্যমন্ত্রী ড° শৰ্মাৰ


আজাৰা কেওটপাৰাৰ শ্রীশ্ৰী মা মনসা মন্দিৰ আৰু গোঁসাইপাৰাৰ শ্রীশ্ৰী বংশীগোপাল মন্দিৰ দৰ্শন কৰি ৰাজ্যবাসীৰ কুশল-মংগল কামনা মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১৪ আগষ্ট (হি.স.)। মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাই আজি জালুকবাৰী সমষ্টিত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ শুভ উদ্বোধন কৰে। তেওঁ আজি ২০২৪-২৫ বৰ্ষৰ 'মুখ্যমন্ত্ৰীৰ উন্নত পকী পথ আঁচনি'ৰ অধীনত জালুকবাৰী সমষ্টিৰ বামুণৰজান পথৰ পৰা ফৰেষ্ট স্কুল পথক সংযোগ কৰি নিৰ্মাণ কৰা আৰ.চি.চি. দলং, আজাৰাৰকালমণি জানৰ ওপৰত নিৰ্মাণকৰা মুঠ ১৯টাছিংগল চেল আৰ.চি.চি বক্স কালভার্ট আনুষ্ঠানিকভাবে উদ্বোধন কৰে।

মুঠ ২.৫৬ কোটিবো অধিকটকা ব্যয়ৰে বামুণৰজান পথৰ পৰাফৰেষ্ট স্কুল পথক সংযোগ কৰিব নির্মাণ কৰা আৰ.চি.চি. দলংখন উদ্বোধন কৰি মুখ্যমন্ত্রী ড°শর্মাই কয় যে উক্ত স্থানত থকা পুৰণি কাঠৰ দলংখন অতিশয় জৰাজীর্ণ অৱস্থাত আছিল। ফলত বৰিপাৰা অঞ্চলৰ ৰাইজে দৈনন্দিন যাতায়াতৰ বাবে বামুণৰজান পথেৰে এক দীঘলীয়া পথ অতিক্রম কৰিবলৈ বাধ্য হৈছিল। মুঠ ৩২.৪০ মিটাৰ দৈর্ঘ্যৰ নতুন দলংখনৰ জৰিয়তেফৰেষ্ট স্কুল পথৰে পোনপটীয়াআৰু সুবিধাজনক সংযোগ স্থাপন হোৱাৰফলত ছাত্র-ছাত্রী, কার্যালয়লৈ যোৱা লোক, ৰোগী আৰু আন লোকসকলৰ যাতায়াতৰসময় যথেষ্ট ৰাহিহ'ব বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে এইদলংখনৰ জৰিয়তে গাড়ীগাঁও, বৰিপাৰা, ভাকুণ্ডা, জেউতিপাৰা আৰু নোৱাপাৰাকে ধৰি দাঁতিকাষৰীয়া কেইবাটাও অঞ্চলৰ কেইবা হাজাৰ লোক প্রত্যক্ষভাবে উপকৃত হ'ব। তদুপৰি দলংখনেফৰেষ্ট স্কুল পথৰপৰা ধাৰাপুৰঅঞ্চললৈ এক উন্নত আৰু পোনপটীয়া যাতায়াতৰ সুবিধা প্রদান কৰিব বুলিও মন্তব্য কৰি অনুষ্ঠানত মুখ্যমন্ত্রীয়ে বামুণৰজানৰ খহনীয়া প্রতিৰোধৰ পদক্ষেপ লোৱা হ'ব বুলি অঞ্চলবাসীক আশ্বাস প্রদান কৰে।

আনহাতে, মুঠ ৩.৪১ কোটি টকা ব্যয়ৰে আজাৰাৰ কালমণি জানৰ ওপৰত নিৰ্মাণ কৰা মুঠ ১৯ টা ছিংগল চেল আব.চি.চি, বক্সকালভার্ট উদ্বোধন কৰি মুখ্যমন্ত্রীয়ে কয় যে কলিতাপাৰাৰ পৰা হাতখোৱাপাৰা লৈকে বিস্তৃত এই কালভার্টসমূহে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতেআজাৰাৰ ভিতৰুৱা উপ-পথসমূহৰ পোনপটীয়া সংযোগ স্থাপন কৰিব। তেওঁ লগতে কয় যে এই প্রকল্পটো ৰূপায়ণৰ পূর্বে স্থানীয় বাইজে কালমণি জানটো পাৰ হ'বলৈ পুৰণি আৰু জৰাজীৰ্ণ কাঠৰ দলং ব্যৱহাৰ কৰিবলগীয়া হৈছিল।

ৰাইজৰ সুবিধা আৰু যাতায়াতৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি লোকনির্মাণ (পথ) বিভাগে এই বিপদজনক কাঠৰ দলংসমূহৰ সলনি স্থায়ী আৰ.চি.চি.কালভার্ট নির্মাণৰ এক পদক্ষেপ গ্রহণ কৰে।এই কালভার্টসমূহে উন্নত যাতায়াত ব্যৱস্থাৰ জৰিয়তে এম্বুলেন্স আৰুজৰুৰীকালীন চিকিৎসাৰ প্রয়োজন হোৱা ৰোগী, দ্রুত সেৱা প্রদানৰ বাবে অগ্নিনির্বাপক বাহিনী, স্কুলীয়া ছাত্র-ছাত্রী, দৈনিক যাতায়াত কৰা লোক আৰু স্থানীয় ৰাইজক প্রত্যক্ষভাবে উপকৃত কৰিব বুলি তেওঁ কয়।বৃহত্তৰ অঞ্চলটোৰউন্নয়নৰ বাবে আগন্তুক সময়ত আৰু অধিক পদক্ষেপ গ্রহণ কৰা হ'ব বুলিও মুখ্যমন্ত্রীয়ে অনুষ্ঠানত মন্তব্য কৰে।

মুখ্যমন্ত্রীয়ে আজি আজাৰা কেওটপাৰাৰ শ্রীশ্রী মা মনসা মন্দিৰ আৰু আজাৰা গোঁসাইপাৰাৰ শ্রীশ্ৰী বংশীগোপাল মন্দিৰ দৰ্শন কৰিৰাজ্যবাসীৰ কুশল-মংগল কামনা কৰি সেৱাআগবঢ়ায়। তেওঁ লগতে কয় যে শ্রীশ্রী মা মনসা মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ অৱশিষ্ট কাম সম্পূর্ণ কৰা লগতে অঞ্চলটোৰ উন্নয়নৰ বাবে জনসাধাৰণে কৰা আবেদনসমূহ পূৰণৰবাবে ৰাজ্য চৰকাৰে যথাসম্ভৱ পদক্ষেপ গ্রহণ কৰিব।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande