বাক্সাৰ ককলাবাৰীত ‘হৰ ঘৰ ত্ৰিৰংগা’ ৰেলী
বাক্সা, ১৪ আগষ্ট (হি.স.)। বাক্সাৰ ককলাবাৰীত ‘হৰ ঘৰ ত্ৰিৰংগা’ ৰেলী। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকক্ষণত ককলাবাৰীত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ অংশ হিচাপে এক বৰ্ণাঢ্য ত্ৰিৰংগা ৰেলী উলিওৱা হয়। ককলাবাৰী মণ্ডল বিজেপিৰ উদ্যোগত আয়োজিত এ
বাক্সাৰ ককলাবাৰীত ‘হৰ ঘৰ ত্ৰিৰংগা’ ৰেলী


বাক্সা, ১৪ আগষ্ট (হি.স.)। বাক্সাৰ ককলাবাৰীত ‘হৰ ঘৰ ত্ৰিৰংগা’ ৰেলী।

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকক্ষণত ককলাবাৰীত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ অংশ হিচাপে এক বৰ্ণাঢ্য ত্ৰিৰংগা ৰেলী উলিওৱা হয়।

ককলাবাৰী মণ্ডল বিজেপিৰ উদ্যোগত আয়োজিত এই ৰেলীত দলীয় নেতা-কৰ্মী তথা স্থানীয় ৰাইজে হাতে হাতে জাতীয় পতাকা লৈ অংশগ্ৰহণ কৰে। দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় ঐক্যৰ বাৰ্তা কঢ়িয়াই নিয়া ৰেলীয়ে ককলাবাৰীৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰে।

স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিটো ঘৰত জাতীয় পতাকা উত্তোলন আৰু দেশৰ প্ৰতি সন্মান-গৌৰৱবোধ জগাই তোলাৰ আহ্বান জনোৱা হয়।

কাৰ্যসূচীত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য দিনেশ বসু, বিজেপিৰ ককলাবাৰী মণ্ডলৰ সভাপতি নৱ কুমাৰ দাসকে ধৰি কেবাগৰাকীও দলীয় নেতা-কৰ্মী।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande