
বঙাইগাঁও, ১৪ আগষ্ট (হি.স.)। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি) বঙাইগাঁও মহাবিদ্যালয় শাখাৰ উদ্যোগত বঙাইগাঁও বিশ্ববিদ্যালয়ৰ পৰা 'তিৰংগা যাত্ৰা' উলিওৱা হয়।
হাতে হাতে জাতীয় পতাকা লৈ উলোৱা এই ৰেলীত শ শ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাগুৰুৱে সমবেত হৈ দেশপ্ৰেমৰ উত্তাল পৰিৱেশ গঢ়ি তোলে।
দেশৰ ঐক্য, অখণ্ডতা আৰু জাতীয় চেতনাক সজাগ কৰাৰ উদ্দেশ্যৰে এই যাত্ৰা আয়োজন কৰা হৈছিল।
অংশগ্ৰহণকাৰীসকলৰ দেশপ্ৰেমমূলক শ্লোগানে সমগ্ৰ বঙাইগাঁও অঞ্চল মুখৰিত কৰি তোলে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা