তামুলপুৰত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন
তামুলপুৰ , ১৪ আগষ্ট (হি.স.)। দেশ বিভাজনৰ সময়ত সংঘটিত হোৱা হিংসা, যন্ত্ৰণা আৰু ত্যাগৰ স্মৃতি সুঁৱৰি আজি তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ পালন কৰা হয়। তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানত জিলা আয়ুক্ত
তামুলপুৰত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন ।


তামুলপুৰত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন ।


তামুলপুৰ , ১৪ আগষ্ট (হি.স.)। দেশ বিভাজনৰ সময়ত সংঘটিত হোৱা হিংসা, যন্ত্ৰণা আৰু ত্যাগৰ স্মৃতি সুঁৱৰি আজি তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ পালন কৰা হয়। তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানত জিলা আয়ুক্ত চিমি কৰণ, আই এ এছ-ৰ লগতে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী আৰু বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত থাকে।

অনুষ্ঠানৰ আৰম্ভণিতে দেশ বিভাজনৰ সময়ত প্ৰাণ হেৰুওৱা আৰু দুৰ্ভোগৰ সন্মুখীন হোৱা অগণন লোকৰ স্মৃতিত দুই মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। ইয়াৰ উপৰি, তামুলপুৰ জিলাৰ বিভিন্ন ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটী (ভিচিডিচি)-তো ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ পালন কৰা হয়। ভিচিডিচিসমূহত স্থানীয় প্ৰতিনিধি, বিষয়া-কৰ্মচাৰী আৰু ৰাইজে অংশগ্ৰহণ কৰি দেশ বিভাজনৰ কৰুণ ইতিহাস আৰু ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ ত্যাগ আৰু যন্ত্ৰণাক স্মৰণ কৰে। উল্লেখ্য যে দেশ বিভাজনৰ সময়ত সংঘটিত হোৱা ভয়াৱহতা আৰু ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ ত্যাগ আৰু যন্ত্ৰণাক স্মৰণ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ১৪ আগষ্টত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰা হয়। এই দিৱসৰ জৰিয়তে দেশৰ ঐক্য, শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ অধিক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande