
বৰপেটা, ১৪ আগষ্ট (হি.স.)। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিবসৰ পৱিত্ৰ দিনটোৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটাৰোডত এক আদৰ্শনীয় পদক্ষেপ গ্ৰহণ কৰা হয়। বৰপেটাৰোড থানা আৰু বৰপেটাৰোড থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ যুটীয়া উদ্যোগত আজি সমগ্ৰ চহৰখনত এক ব্যাপক স্বচ্ছতা অভিযান ৰূপায়ণ কৰা হয়।
দেশপ্ৰেম আৰু চাফ-চিকুণতাৰ বাৰ্তা লৈ আয়োজিত এই কাৰ্যসূচীত বৰপেটাৰোড থানৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে নাগৰিক সমিতিৰ বিষয়ববীয়াসকল আৰু স্থানীয় বহুসংখ্যক সজাগ নাগৰিকে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে।
আজি পুৱাৰ ভাগৰ পৰা আৰম্ভ হোৱা এই স্বচ্ছতা অভিযানৰ জৰিয়তে বৰপেটাৰোড থানা চৌহদ, থানাৰ দাঁতি-কাষৰীয়া অঞ্চলৰ লগতে চহৰৰ বিভিন্ন গুত্বপূৰ্ণ জনবহুল স্থানসমূহ পৰিষ্কাৰ কৰা হয়। ৰাজহুৱা স্থানসমূহ চাফা কৰাৰ লগতে প্লাষ্টিক বৰ্জন আৰু পৰিৱেশ সজাগতাৰ ওপৰত উপস্থিত ৰাইজৰ মাজত বাৰ্তা প্ৰেৰণ কৰা হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা