
নলবাৰী, ১৪ আগষ্ট (হি.স.)। নলবাৰীৰ জোৱাৰ্দিত পিস্তল দেখুৱাই মহিলাৰ পৰা সোণৰ চেইন কঢ়াৰ অপচেষ্টা৷ ২ নং জোৱাৰ্দি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰেখা ডেকা বৰ্মনক জোৱাৰ্দিত দুজন বাইকত অহা যুবকে বাট আগচি ডকাইতিৰ অপচেষ্টা। মুৰত পিস্তল টোৱাই সোণৰ চেইন কাঢ়িবলৈ লোৱা সময়ত মহিলা শিক্ষয়িত্ৰী ৰেখা ডেকা বৰ্মনে এজন যুৱকক কৰায়ত্ব কৰা সময়ত যুৱক জনে শিক্ষয়িত্ৰী গৰাকীৰ মুৰত গুলি ফুটোৱাৰ লগতে চকুত কোনো পদাৰ্থ দি পলায়ন কৰে দুই যুৱকে৷
ইতিমধ্যে মুৰত আঘাতপ্ৰাপ্ত মহিলা শিক্ষয়িত্ৰী ৰেখা ডেকা বৰ্মনক নলবাৰী নৱদ্বীপ হস্পিতালত জৰুৰীকালীন সেৱাত ভৰ্ত্তি কৰোৱা হয়৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত চাৰিওপিনে আৰক্ষীৰ নিচিদ্ৰ তালাচীৰ পিছত নলবাৰীত সংঘটিত হোৱা উক্ত ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ