অৰুণাচলৰ চাংলেঙ জিলাৰ লংভিত ২১ অসম ৰাইফলছৰ শিবিৰত গুলীচালনাৰ ঘটনা
ইটানগৰ, ১৪ আগষ্ট(হি.স.)। দেশে উদযাপন কৰিব লগীয়া ৮০ সংখ্যক স্বাধীনতা দিৱসক উত্তৰ পুৰ্বাঞ্চলত সক্ৰিয় থকা আলফা(স্বা.), এনএছচিএন আদি কেইবাটাও উগ্ৰপন্থী সংগঠনে ৰাইজক বৰ্জন কৰিবলৈ আহ্বান জনাই বিবৃতি জাৰি কৰাৰ পিছত অৰূণাচলৰ আসাম ৰাইফলচৰ শিবিৰত আজি পুৱতি ন
অৰুণাচলৰ চাংলেঙ জিলাৰ লংভিত ২১ অসম ৰাইফলছৰ শিবিৰত গুলীচালনাৰ ঘটনা


ইটানগৰ, ১৪ আগষ্ট(হি.স.)। দেশে উদযাপন কৰিব লগীয়া ৮০ সংখ্যক স্বাধীনতা দিৱসক উত্তৰ পুৰ্বাঞ্চলত সক্ৰিয় থকা আলফা(স্বা.), এনএছচিএন আদি কেইবাটাও উগ্ৰপন্থী সংগঠনে ৰাইজক বৰ্জন কৰিবলৈ আহ্বান জনাই বিবৃতি জাৰি কৰাৰ পিছত অৰূণাচলৰ আসাম ৰাইফলচৰ শিবিৰত আজি পুৱতি নিশা এক গুলীচালনাৰ ঘটনা সংঘটিত হয়।

অৰুণাচলৰ চাংলেঙ জিলাৰ লংভিত ২১ অসম ৰাইফলছৰ শিবিৰত এই গুলীচালনাৰ ঘটনা ঘটে । ১৫ ৰ পৰা ২০ মিনিট জুৰি দুই পক্ষৰ মাজত গুলীয়াগুলিৰ ঘটনা সংঘটিত হোৱা বুলি বাহিনীটোৰ তৰফৰ পৰা জানিব পৰা গৈছে। আজি পুৱতি নিশা প্ৰায় ৩:১৫ বজাত লংভিত থকা ২১ অসম ৰাইফলছৰ শিবিৰত দীৰ্ঘদূৰত্বৰ পৰা গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, তিনিটা দিশৰ পৰা শিবিৰটোক লক্ষ্য কৰি দুটা লেথড ৰাউণ্ড নিক্ষেপ কৰা হয় । ইয়াৰ পিছতে শিবিৰৰ পৰা গুলীচালনা কৰি প্ৰত্যুত্তৰ দিয়া হয় আৰু দুয়োপক্ষৰ মাজত প্ৰায় ১৫ৰ পৰা ২০ মিনিট জুৰি গুলীয়াগুলিৰ ঘটনা সংঘটিত হয়। উক্ত ঘটনাত ২১ অসম ৰাইফলছৰ শিবিৰৰ কোনো হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। কোনো সন্দেহজনক উগ্ৰপন্থীয়ে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে । অঞ্চলটোত সক্ৰিয় আলফা (স্বা.) আৰু এনএছচিএন(কেৱাই)ৰ কেডাৰ উক্ত গুলীচালনাৰ ঘটনাটোত জৰিত থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে ।

ঘটনাৰ পিছতে অঞ্চলটোত নিৰাপত্তা আৰু সতৰ্কতা বৃদ্ধি কৰা হৈছে । অৱশ্যে গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত আন আন তথ্য বৰ্তমান মুহূৰ্তলৈকে নিশ্চিতভাৱে জানিব পৰা হোৱা নাই ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande