
নতুন দিল্লী, ১৪ আগষ্ট (হি.স.)। লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীৰ বক্তব্যক লৈ কংগ্ৰেছ দলৰ ওপৰত তীব্ৰ আক্ৰমণ চলালে বিজেপি সাংসদ অনুৰাগ ঠাকুৰে। তেওঁ ৰাহুল গান্ধীৰ ৰাজনৈতিক ভাষা আৰু মনোভাৱক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে ৰাজনীতিত মতানৈক্য গণতন্ত্ৰৰ অংশ, কিন্তু অশ্লীল মন্তব্য আৰু সাংবিধানিক স্থিতিৰ প্ৰতি অসন্মান সহ্য কৰিব নোৱাৰি।
ৰাহুল গান্ধীৰ বিষয়ে কওঁতে অনুৰাগ ঠাকুৰে কয় যে জনসাধাৰণে একেৰাহে তিনিবাৰকৈ কংগ্ৰেছ আৰু ৰাহুল গান্ধীক নাকচ কৰিছে, আৰু এতিয়া তেওঁলোকে গালি-গালাজৰ ৰাজনীতিৰ আশ্ৰয় লৈছে। তেওঁ ৰাহুল গান্ধীৰ ভাষাক অশ্লীল আৰু অহংকাৰী বুলি অভিহিত কৰি কয় যে তেওঁৰ বক্তব্যই কংগ্ৰেছৰ মানসিকতা উদঙাই দিয়ে।
বিজেপিৰ সাংসদগৰাকীয়ে ৰাহুল গান্ধীক নাৰী বিৰোধী আখ্যা দি মহিলা সংৰক্ষণৰ বিৰোধিতা কৰে বুলিও কয়। তেওঁ এগৰাকী বিদেশী মহিলাৰ বিৰুদ্ধে তেওঁৰ অশ্লীল মন্তব্যৰ বিষয়টোও উত্থাপন কৰে। তেওঁ কয় যে এনে মন্তব্যই ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ চিন্তাধাৰাক প্ৰতিফলিত কৰে। ৰাহুল গান্ধীৰ মূল্যবোধ আৰু ৰাজনৈতিক আচৰণৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে ঠাকুৰে।
অনুৰাগ ঠাকুৰে বিৰোধী দলৰ নেতা হিচাপে ৰাহুল গান্ধীৰ ভূমিকাকো আক্ৰমণ কৰে। তেওঁ অভিযোগ কৰে যে ৰাহুল গান্ধী সদন আৰু ৰাজপথ দুয়োটাতে ব্যৰ্থ হৈছে। ঠাকুৰৰ মতে, তেওঁ সংসদত আলোচনাৰ অনুমতি নিদিলে, আৰু যেতিয়া সুযোগ আহিল, তেতিয়া তেওঁ প্ৰশ্ন কাকত ফাদিল বিষয়টোৰ ওপৰত সুনিৰ্দিষ্ট পৰামৰ্শ আগবঢ়াব নোৱাৰিলে।
কংগ্ৰেছ দলক দ্বৈত মানদণ্ড গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে দলটোৱে আনক বেলেগ বেলেগ ভাষণ দিয়ে, আনহাতে নিজৰ আচৰণ বেলেগ। অনুৰাগ ঠাকুৰে কয় যে গণতান্ত্ৰিক ৰাজনীতিত মতানৈক্য আৰু প্ৰশ্ন উত্থাপন কৰাটো স্বাভাৱিক যদিও ভাষাৰ শিষ্টাচাৰ বজাই ৰখা আৰু সাংবিধানিক প্ৰতিষ্ঠানৰ প্ৰতি সন্মান বজাই ৰখাটোও সমানেই গুৰুত্বপূৰ্ণ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া