দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় সংহতিৰ বাৰ্তা লৈ গুৱাহাটীত বিশাল ‘ত্ৰিৰংগা যাত্ৰা’
–মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত ৫,০০০ ৰো অধিক লোকৰ অংশগ্ৰহণ গুৱাহাটী, ১৪ আগষ্ট (হি.স.)। দেশৰ স্বাধীনতা, অখণ্ডতা, ঐক্য আৰু সাৰ্বভৌমত্বৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি আজি গুৱাহাটীত এক বিশাল আৰ
দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় সংহতিৰ বাৰ্তা লৈ গুৱাহাটীত বিশাল ‘ত্ৰিৰংগা যাত্ৰা’


–মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত ৫,০০০ ৰো অধিক লোকৰ অংশগ্ৰহণ

গুৱাহাটী, ১৪ আগষ্ট (হি.স.)। দেশৰ স্বাধীনতা, অখণ্ডতা, ঐক্য আৰু সাৰ্বভৌমত্বৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি আজি গুৱাহাটীত এক বিশাল আৰু বৰ্ণাঢ্য ‘ত্ৰিৰংগা যাত্ৰা’ অনুষ্ঠিত হয়। জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহৰ পৰা আৰম্ভ হোৱা এই গৌৰৱময় যাত্ৰাই খানাপাৰালৈকে পৰিক্ৰমা কৰে।

অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াই এই ঐতিহাসিক ‘ত্ৰিৰংগা যাত্ৰা’ৰ নেতৃত্ব প্ৰদান কৰে। দেশৰ জাতীয় পতাকা হাতত লৈ প্ৰায় ৫,০০০ দেশপ্ৰেমিক নাগৰিকে যাত্ৰাত অংশগ্ৰহণ কৰি ‘বন্দে মাতৰম’, ‘ভাৰত মাতা কি জয়’ আদি ধ্বনিৰে সমগ্ৰ পৰিৱেশ দেশপ্ৰেমৰ আবেগেৰে মুখৰিত কৰি তোলে।

এই ‘ত্ৰিৰংগা যাত্ৰা’ কেৱল এক শোভাযাত্ৰা নহয়; ই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বীৰ শ্বহীদসকলৰ ত্যাগ আৰু আত্মবলিদানক স্মৰণ কৰাৰ লগতে নতুন প্ৰজন্মৰ মাজত দেশপ্ৰেম, ৰাষ্ট্ৰীয় চেতনা আৰু সংহতিৰ ভাবনা অধিক শক্তিশালী কৰাৰ এক পৱিত্ৰ প্ৰয়াস।

ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে কয় যে, ভাৰতৰ ত্ৰিৰংগা কেৱল এখন পতাকা নহয়, ই আমাৰ গৌৰৱ, আত্মমৰ্যাদা, স্বাধীনতা আৰু একতাৰ প্ৰতীক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশ আজি উন্নয়ন, আত্মনিৰ্ভৰতা আৰু বিশ্বমঞ্চত শক্তিশালী নেতৃত্বৰ দিশত আগবাঢ়িছে। এনে সময়ত ত্ৰিৰংগাক সন্মান জনাই দেশৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰাটো প্ৰতিগৰাকী নাগৰিকৰ গৌৰৱৰ বিষয়।

তেওঁ লগতে কয় যে অসমত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়ন, শান্তি আৰু সামাজিক ঐক্যৰ এক নতুন পৰিৱেশ সৃষ্টি হৈছে। আজি গুৱাহাটীত অনুষ্ঠিত হোৱা এই বিশাল ‘ত্ৰিৰংগা যাত্ৰাই’ অসমবাসীৰ মাজত থকা গভীৰ দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় চেতনাৰ এক শক্তিশালী প্ৰতিফলন দাঙি ধৰিছে।

ভাৰতীয় জনতা পাৰ্টিয়ে সকলো শ্ৰেণীৰ নাগৰিকক দেশৰ ঐক্য, অখণ্ডতা, ভাতৃত্ববোধ আৰু সম্প্ৰীতি অটুট ৰখাৰ বাবে একেলগে আগবাঢ়ি যাবলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande