
গুৱাহাটী, ১৪ আগষ্ট (হি.স.)। উত্তৰাখণ্ডৰ হালদ্বানীত দিনদিয়েক পূৰ্বে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ উপস্থিতিত অনুষ্ঠিত দলীয় সভাৰ প্ৰাংগণ গংগাজলেৰে তথাকথিত ‘শুদ্ধিকৰণ’ কৰা বিজেপিৰ চূড়ান্ত বৈষম্যমূলক আৰু নিন্দনীয় কাৰ্যৰ বিৰুদ্ধে আজি গুৱাহাটীত প্ৰদেশ কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
এআইচিচিৰ সভাপতিগৰাকীৰ প্ৰতি সংহতি প্ৰকাশ কৰি আৰু সংবিধানৰ মৰ্যাদা ৰক্ষাৰ দাবীত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ উদ্যোগত দিছপুৰস্থিত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা এক প্ৰতিবাদী পদযাত্ৰা তথা সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, এপিচিচিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক বিপুল গগৈ, সাংগঠনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, সাধাৰণ সম্পাদক শান্তনু বৰঠাকুৰ, মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাস, জ্যেষ্ঠ নেতা গুণকান্ত গগৈ, জ্যেষ্ঠ নেত্ৰী বালিকা লাহন পেগু, ৰূপা দেউৰীকে ধৰি দলৰ শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।
কাৰ্যসূচীৰ আৰম্ভণিতে এপিচিচিৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে প্ৰতিবাদী কাৰ্যসূচীৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে সমগ্ৰ দেশজুৰি এআইচিচিৰ নিৰ্দেশনাত জিলা পৰ্যায়ত এই প্ৰতিবাদ গঢ়ি তোলা হৈছে। ইয়াৰ পিছতে প্ৰতিবাদকাৰী কংগ্ৰেছ নেতা-কৰ্মীসকলে সমদল উলিয়াই পৰিৱেশ উত্তাল কৰি তোলে। শান্তিপূৰ্ণ পদযাত্ৰাত আৰক্ষীয়ে বাধা প্ৰদান কৰাত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত কিছু সময় তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। কংগ্ৰেছ কৰ্মীসকলে বিজেপি চৰকাৰ গ’ বেক, বিজেপি চৰকাৰ হায় হায়, সংবিধানৰ অপমান বন্ধ কৰক, বৈষম্যমূলক ৰাজনীতি বন্ধ কৰক, মোদী হটাও, দেশ বচাও, হিমন্ত বিশ্বৰ গুণ্ডাগিৰি নচলিব, বিজেপি হুঁছিয়াৰ আৰু জব জব মোদী ডৰতা হ্যায়, পুলিচ কো আগে কৰতা হ্যায় আদি বিভিন্ন শ্ল’গানেৰে ৰাজপথ কঁপাই তোলে।
প্ৰতিবাদী স্থানত সংবাদ মাধ্যমৰ আগত বক্তব্য দাঙি ধৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিজেপি চৰকাৰ আৰু দলক তীব্ৰ ভাষাৰে আক্ৰমণ কৰে। তেওঁ কয় যে ভাৰতীয় সংবিধানে প্ৰতিগৰাকী নাগৰিককে সমান অধিকাৰ আৰু মৰ্যাদা প্ৰদান কৰিছে। দলিত হোৱা বাবেই দেশৰ এজন জ্যেষ্ঠ ৰাজনীতিবিদ তথা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ এখন ৰাজনৈতিক সভাৰ পিছত সেই স্থানত গংগাজল ছটিয়াই শুদ্ধিকৰণৰ নাটক কৰাটোৱে বিজেপি-আৰ এছ এছৰ সংকীৰ্ণ, সাম্প্ৰদায়িক আৰু জাতিভেদ তথা বৈষম্যমূলক মানসিকতাকে প্ৰতিফলিত কৰিছে। এই কাৰ্যই কেৱল খাৰ্গে ডাঙৰীয়াকে নহয়, সমগ্ৰ দেশবাসী আৰু পৱিত্ৰ সংবিধানক অপমান কৰিছে বুলিও কয় গগৈয়ে।
ইপিনে শান্তিপূৰ্ণ প্ৰতিবাদী সমদলত আৰক্ষীয়ে বাধা দিয়া কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দি গৌৰৱ গগৈয়ে কয় যে গৃহ বিভাগৰ নিৰ্দেশত অসম আৰক্ষীয়ে গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিবলৈ অপচেষ্টা চলাইছে। বিজেপিয়ে যেতিয়াই জনসাধাৰণৰ প্ৰতিবাদ আৰু ক্ষোভক ভয় কৰে, তেতিয়াই আৰক্ষীক আগবঢ়াই দিয়ে বুলি উল্লেখ কৰি তেওঁ কয় যে আৰক্ষীৰ ভয় দেখুৱাই জনসাধাৰণৰ কণ্ঠ ৰোধ কৰিব নোৱাৰি। বিজেপিৰ অন্যায়, অবিচাৰ আৰু বিভাজনমুখী ৰাজনীতিৰ বিৰুদ্ধে কংগ্ৰেছ দলে সংবিধান ৰক্ষাৰ এই সংগ্ৰাম ভৱিষ্যতেও অব্যাহত ৰাখিব বুলি তেওঁ দৃঢ়তাৰে ঘোষণা কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী