
বিশ্বনাথ, ১৩ আগষ্ট (হি.স.)। বিশ্বনাথ জিলাৰ চতিয়াৰ দক্ষিণ অঞ্চলৰ কৰৈয়নী গাঁৱৰ পৰা হুনুফা খাতুন নামৰ এগৰাকী বিবাহিত মহিলা যোৱা মঙলবাৰৰ পৰা হঠাৎ নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰি আহিছে যদিও বৰ্তমানলৈকে মহিলাগৰাকীৰ কোনো সন্ধান লাভ কৰা নাই।
পৰিয়ালৰ সন্দেহ অনুসৰি, নিৰুদ্দেশ হোৱাৰ পূৰ্বে গাঁওখনৰ এগৰাকী মহিলাই হুনুফা খাতুনক কাণে কাণে কিবা কৈছিল। ইয়াৰ কিছু সময় পিছৰে পৰাই মহিলাগৰাকী সন্ধানহীন হৈ পৰে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে পাছদিনা বুধবাৰ ১২ আগষ্ট তাৰিখে চতিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ মহিলা জনী নিৰুদ্দেশ হোৱাৰ পিছৰ পৰাই পৰিয়ালৰ লোক কান্দোনত ভাগি পৰিছে ৷
নিৰুদ্দেশ হোৱা হুনুফা খাতুনৰ কোনোব ব্যক্তিয়ে সন্ধান পালে ৭৯৮৮৫ ৬২০০৮ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা