
শোণিতপুৰ, ১৩ আগষ্ট (হি.স.) । শোণিতপুৰ জিলাৰ ৰঙাপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ সোণাজুলি চাহ বাগিচা চিকিৎসালয়ত গৰ্ভৱতী মহিলা, তেওঁলোকৰ স্বামী আৰু চাহ বাগিচা সম্প্ৰদায়ৰ সদস্যসকলৰ বাবে সুৰক্ষিত মাতৃত্ব, প্ৰতিষ্ঠানিক প্ৰসৱ আৰু মাতৃ তথা নৱজাতকৰ স্বাস্থ্য সম্পৰ্কে এখন সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়।
সভাখনত চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানত প্ৰসৱ কৰোৱাৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়।
প্ৰশিক্ষিত চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীৰ তত্বাৱধানত স্বাস্থ্য প্ৰতিষ্ঠানত প্ৰসৱ কৰালে মাতৃ আৰু নৱজাতক দুয়োৰে বাবে প্ৰয়োজনীয় চিকিৎসা সেৱা সময়মতে লাভ কৰিব পৰা যায় আৰু প্ৰসৱৰ সময়ত সৃষ্টি হ’ব পৰা জটিলতা সঠিকভাৱে পৰিচালনা কৰিব পৰা যায় বুলি অংশগ্ৰহণকাৰীসকলক অৱগত কৰা হয়।
কাৰ্যসূচীৰ সময়ত অংশগ্ৰহণকাৰীসকলক নিয়মীয়া গৰ্ভকালীন স্বাস্থ্য পৰীক্ষা (ANC), সুষম আৰু পুষ্টিকৰ আহাৰ, আইৰণ আৰু ফলিক এচিড সেৱন, জন্মৰ আগতীয়া প্ৰস্তুতি আৰু প্ৰতিষ্ঠানিক প্ৰসৱৰ গুৰুত্বৰ বিষয়ে সজাগ কৰা হয়। গৰ্ভাৱস্থাত দেখা দিব পৰা বিপদ সংকেতসমূহ চিনাক্ত কৰা আৰু কোনো ধৰণৰ জটিলতা দেখা দিলে পলম নকৰি তৎকালীনভাৱে চিকিৎসা সেৱা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হয় ।
ইয়াৰ লগতে, কোনো জটিলতা বা বিপদগ্ৰস্ত গৰ্ভাৱস্থা চিনাক্ত হ’লে সময়মতে ৰেফাৰেল আৰু উপযুক্ত স্বাস্থ্যসেৱা গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি অংশগ্ৰহণকাৰীসকলক বুজাই দিয়া হয়।
জৰুৰীকালীন পৰিস্থিতিত কোনো ধৰণৰ পলম নকৰি গৰ্ভৱতী মহিলাগৰাকীক নিকটৱৰ্তী স্বাস্থ্য প্ৰতিষ্ঠানলৈ লৈ যোৱা আৰু প্ৰয়োজন অনুসৰি উচ্চতৰ স্বাস্থ্য প্ৰতিষ্ঠানলৈ ৰেফাৰেল গ্ৰহণ কৰিবলৈ পৰিয়ালৰ সদস্যসকলক উৎসাহিত কৰা হয়। এনে কোনো বিপদগ্ৰস্ত অৱস্থা বা বিপদ সংকেত দেখা দিলে নিকটৱৰ্তী আশা কৰ্মীৰ সৈতে যোগাযোগ কৰি তৎকালীনভাৱে অৱগত কৰিবলৈ সকলোকে আহ্বান জনোৱা হয়।
সভাখনত গৰ্ভৱতী মহিলাসকলৰ যত্ন আৰু স্বাস্থ্যসেৱা গ্ৰহণৰ ক্ষেত্ৰত স্বামী আৰু পৰিয়ালৰ সদস্যসকলৰ সক্ৰিয় সহযোগিতাৰ গুৰুত্বৰ ওপৰতো আলোচনা কৰা হয় । গৰ্ভৱতী মহিলাক স্বাস্থ্য পৰীক্ষাৰ সময়ত সংগ দিয়া, পুষ্টিকৰ আহাৰ আৰু প্ৰয়োজনীয় পৰিপূৰক গ্ৰহণত সহায় কৰা, চিকিৎসকৰ পৰামৰ্শ অনুসৰণ কৰা আৰু জৰুৰীকালীন সময়ত সময়মতে স্বাস্থ্য প্ৰতিষ্ঠানলৈ লৈ যোৱাত পৰিয়ালৰ সদস্যসকলক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয়।
এই কাৰ্যসূচীৰ জৰিয়তে সুৰক্ষিত মাতৃত্ব, সুস্থ গৰ্ভাৱস্থা আৰু উন্নত মাতৃ-নৱজাতক স্বাস্থ্য নিশ্চিত কৰাৰ ক্ষেত্ৰত পৰিয়াল আৰু সম্প্ৰদায়ৰ সামূহিক সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়।
অনুষ্ঠানৰ সামৰণিত চাহ বাগিচা সম্প্ৰদায়ৰ সকলো সদস্যক প্ৰতিটো গৰ্ভাৱস্থাত নিয়মীয়া গৰ্ভকালীন পৰীক্ষা নিশ্চিত কৰা, প্ৰতিষ্ঠানিক প্ৰসৱক উৎসাহিত কৰা আৰু যিকোনো জটিলতাৰ ক্ষেত্ৰত সময়মতে চিকিৎসা সেৱা গ্ৰহণ কৰাৰ বাবে আহ্বান জনোৱা হয়। এই সামূহিক প্ৰচেষ্টাই সুৰক্ষিত প্ৰসৱ, সুস্থ মাতৃ আৰু সুস্থ নৱজাতক নিশ্চিত কৰাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হয় ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ