দেশৰ স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত দেশপ্ৰেমমূলক গীত -নৃত্যৰে মুখৰিত তেজপুৰ
–শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ভূপেন হাজৰিকা কলাভূমি ত দৃষ্টিনন্দন নৃত্য আৰু দেশপ্ৰেমমূলক গীতেৰে জীপাল শোণিতপুৰ, ১৩ আগষ্ট (হি.স.)। দেশৰ ৮০ তম্ স্বাধীনতা দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা–২০২৬ উদযাপনৰ অংশ হিচাপে শোণিতপুৰ জিলা প্
গীত -নৃত্যৰে মুখৰিত তেজপুৰ


–শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ভূপেন হাজৰিকা কলাভূমি ত দৃষ্টিনন্দন নৃত্য আৰু দেশপ্ৰেমমূলক গীতেৰে জীপাল

শোণিতপুৰ, ১৩ আগষ্ট (হি.স.)। দেশৰ ৮০ তম্ স্বাধীনতা দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা–২০২৬ উদযাপনৰ অংশ হিচাপে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত দেশপ্ৰেমমূলক গীত-নৃত্যৰ অনুষ্ঠান ত্ৰিৰংগা কনচাৰ্ট অনুষ্ঠিত হয় । বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হোৱা এই ত্ৰিৰংগা কনচাৰ্ট শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে। এই অনুষ্ঠানত সহকাৰী আয়ুক্ত চয়ানিকা হাজৰিকা, সাংস্কৃতিক উন্নয়ন বিষয়া আনছুমৈ বসুমতাৰী আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া শ্ৰীমতী অংকিতা গগৈ উপস্থিত থাকে।

সাংস্কৃতিক অনুষ্ঠানত তেজপুৰৰ ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে দেশপ্ৰেমমূলক সমবেত গীত; তেজপুৰ বহুমুখী কন্যা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে দেশপ্ৰেমমূলক নৃত্য; বিতোপন বৰা, কৃষ্টি বৰঠাকুৰ, প্ৰণৱ চন্দ্ৰ লহকৰ আৰু প্ৰশিধা শিৱমৰ গীত; স্থানীয় নৃত্যম কলা মন্দিৰৰ দেশপ্ৰেমমূলক নৃত্য; আৰু প্ৰজ্জল্লিকা কাশ্যপৰ নৃত্য পৰিৱেশন অনুষ্ঠিত হয়। কাৰ্যসূচীত স্থানীয় ৰাইজ, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী, আত্মসহায়ক গোটৰ সদস্য তথা জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে।

সন্ধিয়া উদযাপনৰ অংশ হিচাপে সমগ্ৰ শোণিতপুৰ জিলাৰ চৰকাৰী ভৱন, হোটেল, চিকিৎসালয়, বজাৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ ৰাজহুৱা ভৱনসমূহো ৰাষ্ট্ৰীয় পতাকাৰ ৰঙেৰে আলোকিত কৰা হয়। অব্যাহত থকা হৰ ঘৰ ত্ৰিৰংগা–২০২৬ কাৰ্যসূচীত উৎসাহেৰে অংশগ্ৰহণ কৰি ৮০ তম্ স্বাধীনতা দিৱস উদযাপনক জাতীয় গৌৰৱ, ঐক্য আৰু দেশপ্ৰেমৰ এক অৰ্থপূৰ্ণ প্ৰকাশ হিচাপে গঢ়ি তুলিবলৈ জিলা প্ৰশাসনে সকলো ৰাইজৰ প্ৰতি আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande