
কলকাতা, ১৩ আগষ্ট (হি.স.)। পশ্চিম বংগৰ হাবৰাত গ্ৰেপ্তাৰ হোৱা পাকিস্তানী নাগৰিক ৱাহাব আলমে কিছু সময়ৰ বাবে বাংলাদেশলৈ পলায়ন কৰিবলৈ সাজু হৈছিল। বাংলাদেশৰ নিৰাপদ আশ্ৰয়স্থলত থাকি নতুন পৰিচয় আৰু নতুন চাকৰি লৈ পশ্চিম বংগলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছিল। বিশেষ টাস্ক ফ’ৰ্চৰ (এছটিএফ) জেৰাৰ সময়ত তেওঁ এই পৰিকল্পনা প্ৰকাশ কৰে।
তদন্তকাৰী বিষয়াসকলৰ মতে, পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইয়ে আলমক পশ্চিম বংগলৈ পঠিয়াই ভাৰতৰ পূব অঞ্চলৰ সেনা, নৌসেনা আৰু ৰে’লৱেৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিছিল। জেৰাৰ সময়ত তেওঁ প্ৰকাশ কৰে যে পাকিস্তানত থকা তেওঁৰ হেণ্ডলাৰসকলে তেওঁক অলপ সময়ৰ বাবে বাংলাদেশলৈ যাবলৈ পৰামৰ্শ দিছিল।
আলমৰ জেৰা আৰু তেওঁৰ পৰা উদ্ধাৰ হোৱা এখন বহী পৰীক্ষাৰ ভিত্তিত বাংলাদেশত সক্ৰিয় আই এছ আই এজেণ্ট পাভেলৰ বিষয়েও তথ্য লাভ কৰিছে এছ টি এফে। খবৰ অনুসৰি বাংলাদেশত উপস্থিত হোৱাৰ পিছত আলমে জেছ’ৰত বাস কৰা পাভেলক লগ কৰাৰ কথা আছিল।
তদন্ত অনুসৰি পাভেলে বাংলাদেশত আলমৰ বাবে নিৰাপদ আশ্ৰয়স্থলৰ ব্যৱস্থা কৰিব লাগিছিল। পৰিকল্পনা আছিল তেওঁক পশ্চিমবংগত নতুনকৈ নিযুক্তি দিয়া আৰু বাংলাদেশত অলপ সময় থকাৰ পিছত তেওঁক পুনৰ ৰাজ্যলৈ পঠোৱা।
জেৰাৰ সময়ত আলমে প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিশেষ নিবিড় পুনৰীক্ষণ অভিযানৰ সময়ত ভোটাৰ তালিকাৰ পৰা তেওঁৰ নাম আঁতৰোৱাৰ পিছত তেওঁ আৰু পাকিস্তানত তেওঁৰ হেণ্ডলাৰসকল সজাগ হৈ পৰিছিল। ইয়াৰ পিছতে তেওঁক কিছু সময়ৰ বাবে কলকাতাৰ টপছিয়া অঞ্চলৰ পৰা ভাৰত আৰু বাংলাদেশৰ সীমান্তৱৰ্তী জিলা এখনলৈ যাবলৈ পৰামৰ্শ দিয়া হয়।
এই পৰিকল্পনাৰ অংশ হিচাপে তেওঁ উত্তৰ ২৪ পৰগনা জিলাৰ হাবৰাত ঘাটি স্থাপন কৰে। বিশেষ টাস্ক ফ’ৰ্চে হাবৰাত গ্ৰেপ্তাৰ কৰে। তেওঁৰ জেৰাৰ ভিত্তিত তেওঁৰ স্থানীয় সহযোগী মহম্মদ ইজাজকো টপছিয়াত গ্ৰেপ্তাৰ কৰা হয়।
তদন্তত আলমে টপছিয়াত ইজাজৰ ঘৰত ভাড়াতীয়া হিচাপে বাস কৰিছিল বুলি জানিব পৰা গৈছে। অভিযোগ উত্থাপন হৈছে যে ইজাজে পাকিস্তানী নাগৰিকজনৰ ভুৱা ভাৰতীয় পৰিচয় পত্ৰ প্ৰস্তুত কৰাত সহায় কৰিছিল। ইয়াৰ ভিতৰত আছিল আধাৰ কাৰ্ড, পেন কাৰ্ড, আৰু শেষত ভোটাৰ আইডি কাৰ্ড।
বিশেষ টাস্ক ফৰ্চ (এছটিএফ)ৰ তথ্য অনুসৰি ২০১২ চনত ভাৰত-নেপাল সীমান্তৰে ভাৰতত প্ৰৱেশ কৰা আলমে তেতিয়াৰ পৰাই পশ্চিম বংগৰ বিভিন্ন স্থানত বাস কৰি আহিছে। তদন্তকাৰী সংস্থাসমূহে এতিয়া তেওঁৰ যোগাযোগ, জাল নথি-পত্ৰ, আৰু পাকিস্তান আৰু বাংলাদেশত চলি থকা নেটৱৰ্কৰ সৈতে তেওঁৰ সংযোগৰ তদন্ত কৰি আছে।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ