সেউজ হাইড্ৰজেনৰ বাবে নৰৱেৰ হাইষ্টাৰ এ এছৰ সৈতে বিএইচইএলৰ কৌশলগত চুক্তি স্বাক্ষৰ
হৰিদ্বাৰ, ১৩ আগষ্ট (হি.স.)। ভাৰত হেভি ইলেক্ট্ৰিকেলছ লিমিটেড চমুকৈ বিএইচইএলে নৰৱেৰ কোম্পানী হাইষ্টাৰ এ এছৰ সৈতে কৌশলগত চুক্তি স্বাক্ষৰ কৰি সেউজ হাইড্ৰজেনৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। এই চুক্তিৰ জৰিয়তে ভাৰতত সেউজ হাইড্ৰ’জেন প্ৰকল্পৰ বাবে প
समझौते पर हस्ताक्षर के समय मौजूद अधिकारी


হৰিদ্বাৰ, ১৩ আগষ্ট (হি.স.)। ভাৰত হেভি ইলেক্ট্ৰিকেলছ লিমিটেড চমুকৈ বিএইচইএলে নৰৱেৰ কোম্পানী হাইষ্টাৰ এ এছৰ সৈতে কৌশলগত চুক্তি স্বাক্ষৰ কৰি সেউজ হাইড্ৰজেনৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। এই চুক্তিৰ জৰিয়তে ভাৰতত সেউজ হাইড্ৰ’জেন প্ৰকল্পৰ বাবে পৰ্যায়ক্ৰমে খিলঞ্জীয়াকৰণ আৰু পিইএম ইলেক্ট্ৰ’লাইজাৰ ব্যৱস্থাৰ স্থানীয় উৎপাদন সম্ভৱ হ’ব।

বিএইচইএলৰ হৰিদ্বাৰ ইউনিটৰ যোগাযোগ আৰু জনসংযোগ বিভাগে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি এই চুক্তিত স্বাক্ষৰ কৰে হায়দৰাবাদৰ গধুৰ শক্তি সঁজুলি প্লাণ্টৰ কাৰ্যবাহী সঞ্চালক ৱাই শ্ৰীনিবাস ৰাও আৰু ভেলৰ হৈ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি বিজনেছৰ জেনেৰেল মেনেজাৰ সুতৃপটো দে আৰু নৰৱেৰ হাইষ্টাৰ এ এছৰ চিইঅ’ ফ্ৰেড্ৰিক মভিলে। এই উপলক্ষে ৰয়েল নৰৱেৰ দূতাবাসৰ চাৰ্জ ডি এফেয়াৰ্ছ ৰাষ্ট্ৰদূত আৰভিন একলেণ্ড গাডগিল, বিএইচইএলৰ সঞ্চালক বাণী বৰ্মা আৰু সঞ্চালক এছ.এম. ৰমনাথনৰ লগতে জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।

প্ৰকাশ অনুসৰি, পিইএম প্ৰযুক্তিৰ বাবে হাইষ্টাৰৰ সৈতে এই সহযোগিতাই ভেলক ক্ষাৰকীয় আৰু পিইএম ইলেক্ট্ৰ’লাইজাৰ দুয়োটা সমাধান প্ৰদান কৰিবলৈ সক্ষম নিৰ্বাচিত ভাৰতীয় কোম্পানীসমূহৰ ভিতৰত অন্যতম কৰি তুলিব। ইয়াৰ দ্বাৰা দেশৰ উদীয়মান সেউজ হাইড্ৰজেন বজাৰত ভেলৰ ভূমিকা আৰু অধিক শক্তিশালী হ’ব আৰু ভাৰতত সেউজ হাইড্ৰ’জেন প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত কোম্পানীটোৰ সামৰ্থ্য বৃদ্ধি পাব।

বিএইচইইএলক দশক দশক ধৰি শক্তি, সংবহন, নবীকৰণযোগ্য শক্তি, তেল আৰু গেছ, পৰিবহণ, প্ৰতিৰক্ষা আৰু মহাকাশ খণ্ডৰ সৈতে জড়িত হৈ আছে। ভাৰতৰ উদ্যোগিক আন্তঃগাঁথনি গঢ়ি তোলাত কোম্পানীটোৱে মূল ভূমিকা পালন কৰি এতিয়া সেউজ হাইড্ৰ’জেনৰ দৰে স্বচ্ছ শক্তি খণ্ডত নিজৰ অভিযান্ত্ৰিক আৰু উৎপাদন ক্ষমতাৰ লাভ উঠাবলৈ আৰম্ভ কৰিছে।

এই চুক্তিয়ে ‘ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন মিছন’ আৰু ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপক ত্বৰান্বিত কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande