তেজপুৰত আলফা(স্বাধীন)ৰ দুই যোগাযোগকাৰী গ্ৰেপ্তাৰঃ সদস্য ভৰ্তি অভিযান নিষিদ্ধ সংগঠনৰ
শোণিতপুৰ, ১৩ আগষ্ট (হি.স.)। পুনৰ সক্ৰিয় হৈ পৰিছে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফা। আজি পুৱা টুমুকি অঞ্চলত তথা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সমীপৰ পৰা নিষিদ্ধ সংগঠন আলফাৰ দুই যোগাযোগকাৰীক আৰক্ষীয়ে গ্ৰেপ্ত
তেজপুৰত আলফা(স্বাধীন)ৰ দুই  গ্ৰেপ্তাৰ


শোণিতপুৰ, ১৩ আগষ্ট (হি.স.)। পুনৰ সক্ৰিয় হৈ পৰিছে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফা।

আজি পুৱা টুমুকি অঞ্চলত তথা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সমীপৰ পৰা নিষিদ্ধ সংগঠন আলফাৰ দুই যোগাযোগকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে এই কথা পোহৰলৈ আহিছে যে শোণিতপুৰত সংগঠনটোৱে নতুনকৈ সদস্য ভৰ্তিৰ অভিযান আৰম্ভ কৰিছে ৷

উল্লেখযোগ্য যে,দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত গোপন সূত্ৰৰ তথ্যৰ আধাৰত তেজপুৰ আৰক্ষীয়ে চলোৱা সফল অভিযানত টুমুকিৰ পৰা দুই আলফা(স্বা)ৰ যোগাযোগকাৰী বিহগুৰিৰ নিকটৱৰ্তী পুথিমাৰীৰ বাপুভেটিৰ বিপুল দাসৰ পুত্ৰ নমিন দাস (২৫) আৰু শিৱসাগৰৰ বনগাঁৱৰ পংকজ দাসৰ পত্নী চুইটি দাস (২২)ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে, চুইটি দাসে যোৱা প্ৰায় ২০ দিনে টুমুকিত এটা ভাড়াঘৰত থাকি নমিনৰ সহযোগত আলফা(স্বা)ৰ বাবে সদস্য ভৰ্তি অভিযান চলাই আহিছিল বুলি প্ৰকাশ কৰিছে আৰক্ষী সূত্ৰই ৷ দয়োৰে পৰা কে’বাখনো আলফা(স্বা)ৰ নামভৰ্তি প্ৰপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ বিষয়ে সদৰি কৰি আৰক্ষী সূত্ৰই লগতে কয় যে, এনে প্ৰপত্ৰ দুয়োজনে আন চাৰিজনমান যুৱকক দিছিল৷

উল্লেখযোগ্য যে, তেজপুৰ সদৰ থানাত ৰুজু হোৱা ৪৯৯/২৬নম্বৰ গোচৰৰ বিপৰীতে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্তকে আজি দুপৰীয়া তেজপুৰস্থিত জিলা সত্ৰ আৰু ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই আৰু আদালতে দুয়োকে চাৰিদিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে ৷ প্ৰণিধানযোগ্য যে,অভিযুক্ত নমিন দাসে পূৰ্বে চিআইএছএফত নিযুক্তি লাভ কৰি প্ৰশিক্ষণলৈ গৈছিল য’দিও প্ৰশিক্ষণ আধাতে সামৰি ঘৰলৈ আহিছিল বুলিও সদৰি কৰিছে আৰক্ষীয়ে ৷ তদুপৰি, এই ঘটনাৰে জড়িত আন এক অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত থকা বুলি প্ৰকাশ কৰে আৰক্ষীয়ে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande