
নলবাৰী, ১৩ আগষ্ট (হি.স.)। বৰক্ষেত্ৰী সমষ্টিৰ ককয়াত ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ বিধায়ক নাৰায়ণ ডেকাৰ৷ ঘৰে ঘৰে ত্ৰিৰংগা অভিযানৰ অংশ হিচাপে উলিওৱা হয় এই ত্ৰিৰংগা যাত্ৰা৷ ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা উলিওৱা এই যাত্ৰাত শিক্ষাৰ্থী সকলৰ লগতে শতাধিক স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে৷
দেশ প্ৰেমমূলক গীত আৰু শ্লোগানেৰে মুখৰিত হৈ পৰে ৰাজপথ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু