
শ্ৰীভূমি, ১৩ আগষ্ট (হি.স.)। শ্ৰীভূমি চহৰত জিলা বিজেপিৰ উদ্যোগত এক বৰ্ণাঢ্য তিৰংগা যাত্ৰা অনুষ্ঠিত কৰা হয়। হাতত তিৰংগা পতাকা লৈ বিজেপিৰ কাৰ্যকৰ্তা সকলে চহৰৰ বিভিন্ন পথ পৰিক্ৰমা কৰে। জিলা বিজেপিৰ প্ৰাক্তন সভাপতি সুব্ৰত ভট্টাচাৰ্যই কয় যে বিজেপিৰ কাৰ্যকৰ্তা সকলৰ উদ্যোগত এই তিৰংগা যাত্ৰাৰ আয়োজন কৰা হৈছে।
তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ আহ্বানত এই তিৰংগা যাত্ৰাৰ আয়োজন কৰা হয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু