
গুৱাহাটী, ১৩ আগষ্ট (হি.স.)। ব্ৰিটিছৰ বিৰুদ্ধে অসীম সাহসেৰে যুঁজি প্ৰাণ আহুতি দিয়া বীৰ টিকেন্দ্ৰজিৎ সিং আৰু মেজৰ থাঙালৰ ১৩৫তম পুণ্যতিথি উপলক্ষে আজি এটা শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ লগতে ৰাজবাৰীত থকা বীৰ টিকেন্দ্ৰজিতৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি তেওঁলোকৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
'মণিপুৰী বস্তি মেইৰা পাইবী ওমেন এছোচিয়েচন'ৰ মহিলা সকলে দেশপ্ৰেমমূলক গীতেৰে শ্ৰদ্ধাঞ্জলি সভাৰ আৰম্ভণি কৰে। ৰাজবাৰী ক্লাবৰ উদ্যোগত আয়োজিত এই সভাত সভাপতিত্ব কৰে দীপক সিংহই।
সভা খনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশ্ব হিন্দু পৰিষদৰ ক্ষেত্ৰ সংগঠন মন্ত্ৰী দীনেশ তিৱাৰী। ইয়াৰ উপৰিও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ইউনাইটেড পিপলছ ফ্ৰণ্ট (মণিপুৰ)ৰ সভাপতি নঙথংম্বাম ৰূপাচন্দ্ৰ, ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্টৰ ৰাষ্ট্ৰীয় সম্পাদক হৰেন্দ্ৰ বৰা, ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্ট অসমৰ সভাপতি বলেন বৈশ্য, ৩০নং ৱাৰ্ডৰ পৌৰ পাৰিষদ বিনিতা দত্ত চৌধুৰী আৰু মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক বিজয় গুপ্তা।
সভাত উপস্থিত বক্তা সকলে 'এংলো-মণিপুৰী যুদ্ধ' (Anglo-Manipur War)ৰ ইতিহাসৰ বিষয়ে সবিস্তাৰে আলোকপাত কৰে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ