
গোলাঘাট, ১৩ আগষ্ট (হি.স.)। এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰাক কেন্দ্ৰ কৰি কালি নিশা গোলাঘাটৰ মাজ খুমটাইত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। চাৰি দিনৰ পৰা নিখোজ হৈ থকা কুমুদ কোৱৰ নামৰ যুৱক জনৰ ৰসহ্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হয় গাওঁ খনৰে নামঘৰৰ চৌহদত। বন্ধুৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা বুলি অভিযোগ উত্থাপন কৰিছে মৃত কুমুদ কোৱৰৰ পৰিয়ালৰ লোকে।
চাৰিদিনৰ পূৰ্বে লগৰীয়াৰ সৈতে পাৰ্টী কৰিম বুলি ঘৰৰ পৰা ওলাই যোৱা কুমুদৰ মৃতদেহ বুধবাৰে নিশা উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এইয়া হত্যা নে আত্মহত্যা আৰক্ষীৰ প্ৰকৃত তদন্তৰ পাছত হে পোহৰলৈ আহিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ