তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী
তামুলপুৰ, ১৩ আগষ্ট (হি.স.)। তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচীৰ অংশস্বৰূপে আজি তামুলপুৰৰ ভাৰত ভূটান সীমান্তৰ শশীপূৰ ডনবস্ক বিদ্যালয়ৰ পৰা এক পদযাত্ৰা কাৰ্যসূচী উলিওৱা হয়। তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু এছএছবি তথা ডনব
তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী


তামুলপুৰ, ১৩ আগষ্ট (হি.স.)। তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচীৰ অংশস্বৰূপে আজি তামুলপুৰৰ ভাৰত ভূটান সীমান্তৰ শশীপূৰ ডনবস্ক বিদ্যালয়ৰ পৰা এক পদযাত্ৰা কাৰ্যসূচী উলিওৱা হয়। তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু এছএছবি তথা ডনবস্ক শশীপুৰৰ সহযোগত আয়োজিত এই পদযাত্ৰা কার্যসূচীত জিলা প্ৰশাসনৰ লোক,বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী,তামুলপুৰ খণ্ড উন্নয়ন বিষয়া,অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়া, বন বিভাগ তথা তামুলপুৰ আৰু দৰঙামেলা আৰক্ষীৰ লোকেও অংশগ্ৰহণ কৰে।

তামুলপুৰ ভূটান পথেৰে ত্ৰিৰংগা যাত্ৰা অতিক্ৰম কৰি ভূটান গেটৰ পৰা আকৌ শশীপূৰ ডনবস্ক বিদ্যালয়লৈ উভতি আহে পদযাত্ৰাকাৰী সকলে।ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান, দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় একতাৰ ভাবনা, অধিক শক্তিশালী কৰাৰ প্ৰয়াস এই যাত্ৰাৰ জৰিয়তে। আজিৰ এই কাৰ্যসূচীত প্ৰায় ৮০০ লোকে হাতে হাতে তিৰংগা লৈ, ভাৰত মাতা কি জয় শ্লোগান দি অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande