
ধেমাজী, ১৩ আগষ্ট (হি.স.)। জোনাইত দ্বিতীয় দিনাও অব্যাহত আছে টিএমপিকেৰ অৰ্থনৈতিক পথ অৱৰোধ। অসম অৰুণাচলে ভাতৃৰ কথা কোৱা অৰুণাচলৰ সৈতে ভাতৃৰ সম্পৰ্ক নসাৎ কৰিলে প্ৰতিবাদস্থলীত সংগঠনটোৰ বিষয়ববীয়াই ।
ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ আছে শ শ মালবাহী ট্ৰাক৷
আজি দ্বিতীয় দিনাও অব্যাহত আছে টিএমপিকেৰ অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক পথ অৱৰোধ৷
যাৰ ফলত ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হয় পৰিছে শ শ মালবাহী ট্ৰাক আৰু গাড়ী৷
সোমবাৰে অসমৰ মানুহক গুলীচালনাৰ ঘটনা চাৰিদিন অতিক্ৰম হোৱা স্বত্বেও অৰুণাচল চৰকাৰৰ নিমাত ভুমিকাক লৈ তীব্ৰ ক্ষোভিত হয় পৰিছে মিচিং ছাত্ৰ সংগঠনৰ নেতৃত্ব।
গুলিচালনা ঘটনাৰ সৈতে জৰিত দোষীক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত অৰ্থনৈতিক পথ অৱৰোধ কাৰ্যসূচী চলি থাকিব বুলি মন্তব্য টিএমপিকেৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা