শিৱসাগৰৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱনলৈ নামি আহিছে ভয়াৱহ অনিশ্চয়তা।
শিৱসাগৰ, ১৩ আগষ্ট (হি.স.)। শিৱসাগৰৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱনলৈ নামি আহিছে ভয়াৱহ অনিশ্চয়তা। বানে তচনচ কৰি গ''ল এখন সেউজীয়া ক্ষুদ্ৰ চাহ বাগান। বাগানত একাঠু পানী। সকলো দিশে বানে ধ্বংস কৰি যোৱা অৱশিষ্ট চাহগছ। শিৱসাগৰৰ বেতবাৰীৰ ক্ষুদ্ৰ চাহ খেতিয়ক প্ৰাঞ্
শিৱসাগৰৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱনলৈ নামি আহিছে ভয়াৱহ অনিশ্চয়তা।


শিৱসাগৰ, ১৩ আগষ্ট (হি.স.)। শিৱসাগৰৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱনলৈ নামি আহিছে ভয়াৱহ অনিশ্চয়তা। বানে তচনচ কৰি গ'ল এখন সেউজীয়া ক্ষুদ্ৰ চাহ বাগান। বাগানত একাঠু পানী। সকলো দিশে বানে ধ্বংস কৰি যোৱা অৱশিষ্ট চাহগছ। শিৱসাগৰৰ বেতবাৰীৰ ক্ষুদ্ৰ চাহ খেতিয়ক প্ৰাঞ্জল কাকতি পৰিয়াল এতিয়া নাজল নাথল অৱস্থা।

২০১১ চনৰে পৰা চাহ খেতিৰ সৈতে জড়িত আছিল এজন স্বাৱলম্বী শিক্ষিত ব্যক্তি প্ৰাঞ্জল কাকতি। প্ৰায় ৪ বিঘা মাটিত ৫ ৰ ৬ হাজাৰ চাহ গছ বানে সম্পূৰ্ণৰূপে ধ্বংস কৰি গ'ল। কেচাপাতৰ বাবে প্ৰতিবাদ কৰিব লগীয়া হয় এতিয়া পাতেই নাই। আক্ষেপেৰে কয় প্ৰাঞ্জল কাকতিয়ে। ১৪-১৫ লাখ টকা ক্ষতি কৰি গ'ল বানে,চৰকাৰে দিয়া ক্ষতিপূৰণে একো লাভ নকৰিব ।শূণ্যৰ পৰা আৰম্ভ কৰিব লাগিব সকলো।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande