খুমটাইত বৰ্তমানো কেইবাশ পৰিয়ালে আশ্ৰয় শিবিৰতে থাকিবলগীয়া হৈছে
গোলাঘাট, ১৩ আগষ্ট (হি.স.)। শাওনমহীয়া বানে সৰ্বস্বান্ত কৰিলে খুমটাইৰ বিভিন্ন অঞ্চলৰ জনতাক৷ আজিও শ শ পৰিয়ালে আশ্ৰয় শিবিৰতে থাকিবলগীয়া হৈছে৷ আপোন ঘৰখনলৈ যাব পৰা পৰিবেশ হৈ উঠা নাই বৰ্তমানলৈকে৷ আশ্ৰয় শিবিৰত থকা পৰিয়াল সমূহলৈ সহায়ৰ হাত আগবঢ়াইছে খুমটাইৰ য
খুমটাইত বৰ্তমানো কেইবাশ পৰিয়ালে আশ্ৰয় শিবিৰতে থাকিবলগীয়া হৈছে


গোলাঘাট, ১৩ আগষ্ট (হি.স.)। শাওনমহীয়া বানে সৰ্বস্বান্ত কৰিলে খুমটাইৰ বিভিন্ন অঞ্চলৰ জনতাক৷ আজিও শ শ পৰিয়ালে আশ্ৰয় শিবিৰতে থাকিবলগীয়া হৈছে৷ আপোন ঘৰখনলৈ যাব পৰা পৰিবেশ হৈ উঠা নাই বৰ্তমানলৈকে৷ আশ্ৰয় শিবিৰত থকা পৰিয়াল সমূহলৈ সহায়ৰ হাত আগবঢ়াইছে খুমটাইৰ যুৱ নেতা অমৃত নাগে৷

চাউল,দাইল,আলু,পিঁয়াজ,মিঠাতেলৰ পৰা চেনিটেৰী পেড লৈকে ১৩ বিধ সামগ্ৰীৰ একোটা টোপালা আগবঢ়াইছে খুমটাইৰ বানাক্ৰান্তলৈ৷ দুৰ্যোগৰ সময়ত বানাক্ৰান্তক চিকিৎসালয়লৈ যাবলৈ বিনামূলীয়াকৈ গাড়ীৰ ব্যৱস্থা কৰিছে অমৃত নাগে৷ আনহাতে পানী শুকোৱাৰ পিছত বানাক্ৰান্ত লোকসকলে কৃষিভূমিত হাল বাবলৈ বিনামূলীয়াকৈ ট্ৰেক্টৰৰ যোগান ধৰাৰ কথাও উল্লেখ কৰিলে তেওঁ। বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়োৱা বাবে অমৃত নাগক কৃতজ্ঞতা জনাইছে বানাক্ৰান্তই৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande