
বঙাইগাঁও, ১৩ আগষ্ট (হি.স.)। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত ব্যাপক তৎপৰতা বৃদ্ধি পাইছে আৰক্ষী প্ৰশাসনৰ মাজত।
নিউ বঙাইগাঁও ৰেল ষ্টেচনত অসম ৰেল আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ যৌথ অভিযান।
ৰাইজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক অভিযান চলায় ৰেল আৰক্ষীয়ে।
মেটেল ডিটেক্টৰৰ জৰিয়তে প্ৰতিজন যাত্ৰীৰ বেগ আৰু সন্দেহজনক লোকক তালাচী চলায় ৰেল আৰক্ষীয়ে।
আৰ পি এফৰ ভাৰপ্ৰাপ্ত বিষয়াই জানিব দিয়া অনুসৰি আগন্তুক দিনতে এই ধৰণৰ অভিযান অব্যাহত থাকিব।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা