চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলত চৰকাৰী সাহাৰ্য বিতৰণ
নগাঁও, ১৩ আগষ্ট (হি.স.)। চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলত চৰকাৰী সাহাৰ্য বিতৰণ। চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ৬১ খন গাঁৱত বিতৰণ কৰা হয় এই সাহাৰ্য। চামগুৰিৰ বিভিন্ন অঞ্চলত প্লাৱিত হৈছিল কলং নৈৰ বাঢ়নি পানী। বিভিন্ন খেতি মাটিকে ধৰি মানুহ
চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলত চৰকাৰী সাহাৰ্য বিতৰণ


নগাঁও, ১৩ আগষ্ট (হি.স.)। চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলত চৰকাৰী সাহাৰ্য বিতৰণ। চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ৬১ খন গাঁৱত বিতৰণ কৰা হয় এই সাহাৰ্য। চামগুৰিৰ বিভিন্ন অঞ্চলত প্লাৱিত হৈছিল কলং নৈৰ বাঢ়নি পানী। বিভিন্ন খেতি মাটিকে ধৰি মানুহৰ ঘৰত সোমাইছিল বানপানী।

ফলত বিভিন্ন জনে আশ্ৰয় লব লগা হৈছে বান শিবিৰত। বৰ্তমান চামগুৰি ৰাজহ চক্ৰ কাৰ্যালয়ৰ যোগেদি বানাক্ৰান্ত সকলক যোগান ধৰা হৈছে বান সাহাৰ্য। বান সাহাৰ্যত চাউল, দাইল, নিমখকে ধৰি বিভিন্ন সামগ্ৰী বিতৰণ কৰা পৰিলক্ষিত হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande