
কামৰূপ, ১৩ আগষ্ট (হি.স.)। ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনলৈ মাজত মাথোঁ এটা দিন। ৰঙিয়াত স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সাজু হৈছে ৰঙিয়া সম জিলা প্ৰশাসন। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত চলিছে পেৰেডৰ অনুশীলন। ৰঙিয়া সমজিলাৰ অধীনস্থ চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ লগতে অসম আৰক্ষীৰ দলে অংশগ্ৰহন কৰিব পেৰেডত।
২৩ টাকৈ পেৰেডৰ দলে অংশগ্ৰহন কৰিব। পতাকা উত্তোলন কৰিব ৰঙিয়াৰ সমজিলা আয়ুক্ত নৱজিত পাঠকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা