
নতুন দিল্লী, ১৩ আগষ্ট (হি.স.)। ৰাজ্যসভাত বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খৰ্গেয়ে বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ হালদ্বাণীস্থিত ৰামলীলা ময়দানত কংগ্ৰেছৰ সভাপতিৰ ভাষণৰ পিছত এক কথিত শুদ্ধিকৰণ অনুষ্ঠানৰ বিষয়টো উত্থাপন কৰে । ইয়াক অস্পৃশ্য কাণ্ড বুলি অভিহিত কৰি দোষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ দাবী জনায়।
খৰ্গে কয় যে ৮ আগষ্টত তেওঁৰ সমাৱেশৰ পিছত মাটিৰ শুদ্ধিকৰণত অস্পৃশ্য মানসিকতাৰ প্ৰতিফলন ঘটিছে। তেওঁ অভিযোগ কৰে যে এই ঘটনাত বিজেপিৰ ভূমিকা আছে আৰু দায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
ইয়াৰ উত্তৰত সদনৰ নেতা জে পি নড্ডাই কয় যে বিজেপিয়ে এনে কোনো কামক সমৰ্থন নকৰে। এই ঘটনাক গৰিহণা দি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে বিষয়টো গুৰুত্বসহকাৰে ল’ব বুলিও মন্তব্য কৰে। নড্ডাই কয় যে তদন্তৰ পিছত যিয়েই দোষী সাব্যস্ত হ’ব তেওঁক কঠোৰ ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব। লগতে বিষয়টোক ৰাজনীতিকৰণ নকৰিবলৈ কংগ্ৰেছ দলক আবেদন জনায়।
ৰাজ্যসভাৰ সভাপকি চি.পি. ৰাধাকৃষ্ণনেও এই ঘটনাক গৰিহণা দি কয় যে কোনো ধৰণৰ অস্পৃশ্যতা গ্ৰহণযোগ্য নহয়। তেওঁ কয়, আমি সকলোৱে এই ঘটনাক গৰিহণা দিছো। আমি সকলোৱে সমান আৰু কাকো শুদ্ধ কৰাৰ প্ৰয়োজন নাই। চৰকাৰে এই বিষয়টোৰ তদন্ত কৰি দোষীক শাস্তি দিব লাগে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ