বিহালীৰ কেকুৰীজান পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ পথ সংযোগ ব্যৱস্থা সুচল নথকাত চাৰিখন গাঁৱৰ যাতায়ত ব্যাহত
শোণিতপুৰ,১৩ আগষ্ট (হি.স.)। বৰ্তমানৰ নৱ গঠিত বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত পূৰ্বৰ গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথৰ পূব প্ৰান্তৰ কেকুৰীজান গাওঁ পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ মূল পথৰ মাজত থকা এটি জানৰ ওপৰত দুচলা লোহাৰ পাটৰ সাঁকোয়েদি তাহা
বিহালীৰ কেকুৰীজান পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ পথ সংযোগ ব্যৱস্থা সুচল নথকাত চাৰিখন গাঁৱৰ যাতায়ত ব্যাহত


শোণিতপুৰ,১৩ আগষ্ট (হি.স.)। বৰ্তমানৰ নৱ গঠিত বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত পূৰ্বৰ গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথৰ পূব প্ৰান্তৰ কেকুৰীজান গাওঁ পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ মূল পথৰ মাজত থকা এটি জানৰ ওপৰত দুচলা লোহাৰ পাটৰ সাঁকোয়েদি তাহানিৰ পৰা আজিও যাতায়ত ব্যৱস্থা চলি আছে। সাকোঁখন পাৰ হৈয়ে এটা তিনিআলি অৱস্থিত। তিনিআলিৰ পোনে পোনে কেকুৰীজান পঞ্চায়তৰ ২ নং ৱাৰ্ড আৰু বেকাহৈ যোৱা পথটো নলনীবাৰী পঞ্চায়তৰ ৭ নং ৱাৰ্ড।

দুয়োটা পথেদি কেইবা খনো গাওঁ সংলগ্ন হৈ আছে। ইয়াৰ স্থানীয় লোকৰ বহুজনৰ অভিযোগৰ মাজতে এজনৰ অভিযোগ যে, মই জন্ম হোৱাৰ পৰা পঞ্চাছ বছৰত এই পথটো মেৰামতি কৰা দেখা নাপালোঁ আৰু পুলটো অৰ্থাৎ কালভাৰ্ট এটা নিৰ্মাণ হোৱা দেখা নাপালোঁ। এই কেঁচা ৰাস্তা আৰু জানৰ ওপৰত লোহাৰ পাটিৰ ওপৰেদিয়েই কষ্টৰ জীৱন পাৰ কৰিলোঁ। ৰোগীক চিকিৎসালয়লৈ নিবলৈ ১০৮ সেৱা গাড়ী এই পথটোৱেদি আহিব নোৱাৰে।

যাতায়ত সুচল নোহোৱাত অঞ্চলটোৰ বহু বৃদ্ধ লোক উপযুক্ত সময়ত চিকিৎসাৰ অভাৱত ইতিমধ্যে মৃত্যু হৈছে। পথটো দুখন পঞ্চায়তৰ দুটা ৱাৰ্ডৰ একমাত্ৰ পথ হোৱাৰ উপৰিও এই পথেদি চাৰি পাঁচ খন গাঁও সংলগ্ন হৈ আছে। টকৌবাৰী স্কুললৈ কন কন ছাত্ৰ ছাত্ৰী সকল বিপদ সংকুল পথেৰে বছৰ বছৰ ধৰি যাতায়ত কৰি আহিছে। বাৰিষা কেঁচা মাটিৰ পথটো বোকাৰে কদৰ্য হৈ পৰে।

ৰাষ্ট্ৰীয় ঘাইপথৰ এই ভিতৰুৱা পথ,দলং নিৰ্মাণ কেতিয়া হ'ব। নিৰ্বাচন আহিলে প্ৰতিশ্ৰুতিৰ বন্যা সদায় বয় শেষত ফুটুকাৰ ফেনত পৰিণত হয়। গহপুৰ সমষ্টিত থাকোঁতে এই বাট পথৰ উন্নয়ন নহলেই। এতিয়া নতুন সমষ্টি গঠনত বিহালী বিধানসভাত অন্তৰ্ভুক্ত হৈছে এই জৰাজীৰ্ণ পথটো। বিশেষকৈ জানৰ ওপৰত সৰু এখন আৰচিচি দলং নতুবা এটা মজবুত কালভাৰ্ট নিৰ্মাণ কৰাৰ অতি প্ৰয়োজন।স্থানীয় ৰাইজে বিহালীৰ নৱ নিৰ্বাচিত বিধায়ক, চৰকাৰ, প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে পথটো মেৰামতি আৰু লোহাৰ পাট পৰা সাঁকোৰ পৰিবৰ্তে স্থায়ী সমাধান বিচাৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande