সংসদৰ দুয়োটা সদনে অনিশ্চিত কাললৈ স্থগিত
নতুন দিল্লী, ১৩ আগষ্ট (হি.স.)। ব্যাপক হুলস্থুল আৰু অচলাৱস্থাৰ মাজতে বৃহস্পতিবাৰে সংসদৰ দুয়োটা সদন, লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্য্যবিধি স্থগিত ৰখা হয়, ইয়াৰ ফলত বৰ্ষাকালিন অধিবেশনৰ অন্ত পৰে। ব্যাপক হুলস্থুলৰ মাজতে লোকসভা স্থগিত ৰখা হয় । ইয়াৰ পূৰ্ব
लोकसभा की कार्यवाही का जारी फोटो


নতুন দিল্লী, ১৩ আগষ্ট (হি.স.)। ব্যাপক হুলস্থুল আৰু অচলাৱস্থাৰ মাজতে বৃহস্পতিবাৰে সংসদৰ দুয়োটা সদন, লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্য্যবিধি স্থগিত ৰখা হয়, ইয়াৰ ফলত বৰ্ষাকালিন অধিবেশনৰ অন্ত পৰে।

ব্যাপক হুলস্থুলৰ মাজতে লোকসভা স্থগিত ৰখা হয় । ইয়াৰ পূৰ্বে সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগে বিৰোধী দলৰ সদস্যই হুলস্থুলৰ সৃষ্টি কৰে। আজি আছিল বৰ্ষাকালিন অধিবেশনৰ অন্তিম দিন। সাধাৰণতে সন্ধিয়ালৈকে সদন চলি থকাৰ বিপৰীতে আজি পুৱা প্ৰায় ১১:০৫ বজাত স্থগিত ৰখা হয় কাৰ্য্যবিধি। বৰ্ষাকালিন অধিৱেশনৰ অন্তিম দিনা সদনত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহ। ২০ জুলাইৰ পিছত প্ৰথমবাৰৰ বাবে সদনত দেখা গ’ল অমিত শ্বাহক।

ইফালে বৰ্ষাকালিন অধিৱেশনৰ অন্তিম দিনা ৰাজ্যসভাই ‘খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) সংশোধনী বিধেয়ক, ২০২৬’ গৃহীত কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে হালদ্বাণীত তেওঁৰ অনুষ্ঠানৰ পিছত সংঘটিত হোৱা এক কথিত শুদ্ধিকৰণ অনুষ্ঠানৰ বিষয়টো উত্থাপন কৰে। ইয়াৰ লগে লগে ৰাজ্যসভা স্থগিত ৰখা হয়।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande