হাইলাকান্দিত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন ট্ৰাক চালকৰ
হাইলাকান্দি, ১৩ আগষ্ট (হি.স.)। হাইলাকান্দিত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে এজন ট্ৰাক চালক । হাইলাকান্দি জিলাৰ আলগাপুৰ সৈদবন্দ পেট্ৰ’ল পাম্পৰ সমীপত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা । জানিব পৰা মতে, ট্ৰাকখনত যান্ত্ৰিক বিজুতি দেখা দিয়াত গাড়ীখনৰ পিছফ
হাইলাকান্দিত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন ট্ৰাক চালকৰ


হাইলাকান্দি, ১৩ আগষ্ট (হি.স.)। হাইলাকান্দিত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে এজন ট্ৰাক চালক । হাইলাকান্দি জিলাৰ আলগাপুৰ সৈদবন্দ পেট্ৰ’ল পাম্পৰ সমীপত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা ।

জানিব পৰা মতে, ট্ৰাকখনত যান্ত্ৰিক বিজুতি দেখা দিয়াত গাড়ীখনৰ পিছফালৰ ডালা উঠাবলৈ যায় চালকজন । সেই সময়তে ট্ৰাকখন বিদ্যুতৰ সংস্পৰ্শলৈ আহে । মুহূৰ্ততে শ্বৰ্ট চাৰ্কিট হৈ ট্ৰাকখনত জুই লাগে আৰু সমগ্ৰ গাড়ীখনত বিদ্যুৎ সংযোগ বিয়পি পৰে । বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয় ট্ৰাক চালকজন । ঘটনাৰ পিছতে তেওঁক উদ্ধাৰ কৰি আলগাপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যোৱা হয়। তাৰ পৰা উন্নত চিকিৎসাৰ বাবে হাইলাকান্দিৰ এছ কে ৰায় অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । মৃত ট্ৰাক চালকজনৰ নাম এছ কে ডিদাৰ হুছেইন বুলি জানিব পৰা গৈছে । তেওঁৰ ঘৰ বাশডহৰ প্ৰথম খণ্ডত । বয়স আনুমানিক ৩৫ বছৰ । এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande