তুৰস্কৰ পৰা আনুষ্ঠানিক নিমন্ত্ৰণ লাভ কৰিলে নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে
কাঠমাণ্ডু, ১৩ আগষ্ট (হি.স.)। তুৰস্কৰ পৰা আনুষ্ঠানিক নিমন্ত্ৰণ লাভ কৰিছে নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে। এই আমন্ত্ৰণ দ্বিপাক্ষিক ভ্ৰমণৰ বাবে নহয়, জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ৩১ সংখ্যক ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনত অংশগ্ৰহণৰ বাবেহে। প্ৰধানমন
प्रधानमंत्री बालेन्द्र शाह


কাঠমাণ্ডু, ১৩ আগষ্ট (হি.স.)। তুৰস্কৰ পৰা আনুষ্ঠানিক নিমন্ত্ৰণ লাভ কৰিছে নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে। এই আমন্ত্ৰণ দ্বিপাক্ষিক ভ্ৰমণৰ বাবে নহয়, জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ৩১ সংখ্যক ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনত অংশগ্ৰহণৰ বাবেহে।

প্ৰধানমন্ত্ৰী শ্বাহে বিদেশ ভ্ৰমণৰ বাবে লাভ কৰা দ্বিতীয়টো আনুষ্ঠানিক নিমন্ত্ৰণ। ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনাইছিল। ভাৰতৰ আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী শ্বাহৰ হৈ নেপালৰ বৈদেশিক মন্ত্ৰালয়ে উপযুক্ত সময়ত ভাৰত ভ্ৰমণ কৰিব বুলি উল্লেখ কৰিছে। অৱশ্যে তুৰস্কৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণৰ প্ৰতি এতিয়াও নেপালে কোনো সঁহাৰি দিয়া নাই।

তুৰস্কই চলিত বৰ্ষৰ ৯ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনৰ আয়োজন কৰিছে। এই তথ্য ৰাষ্ট্ৰসংঘৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিভাগৰ মুখ্য সহকাৰী সচিব কৃষ্ণ প্ৰসাদ ঢাকলে ৰাষ্ট্ৰীয় বিধানসভাৰ উন্নয়ন, অৰ্থনৈতিক পৰিক্ৰমা, আৰু সুশাসন সমিতিৰ বৈঠকত প্ৰদান কৰে।

কমিটীৰ বৈঠকত ঢাকেলে কয় যে তুৰস্কৰ ৰাষ্ট্ৰপতিৰ পৰা পোৱা আমন্ত্ৰণ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু মন্ত্ৰী পৰিষদলৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে এই সন্মিলনত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব নে নকৰে সেই সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত লোৱা হোৱা নাই। ছেপ্টেম্বৰ-অক্টোবৰ মাহত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮১ সংখ্যক অধিৱেশনতো অংশগ্ৰহণ নকৰে প্ৰধানমন্ত্ৰী শ্বাহে। তেওঁৰ ঠাইত বৈদেশিক মন্ত্ৰী শিশিৰ খানালক পঠোৱাৰ সম্ভাৱনা আছে।

জলবায়ু পৰিৱৰ্তনৰ প্ৰতি দুৰ্বল পাহাৰীয়া দেশ নেপালক বিশেষ গুৰুত্ব দি তুৰস্কই এই আমন্ত্ৰণ প্ৰদান কৰিছে। নেপালে ধাৰাবাহিকভাৱে আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাহাৰীয়া দেশসমূহৰ বিষয়টো উত্থাপন কৰি আহিছে, বিশেষকৈ যিবোৰ দেশত জলবায়ু পৰিৱৰ্তনৰ বাবে হিমবাহ দ্ৰুতগতিত গলিছে। নেপালে জলবায়ু পৰিৱৰ্তনৰ বিষয়টোক লৈ সাগৰমথা আলোচনাৰ দৰে আন্তৰ্জাতিক অনুষ্ঠানৰো আয়োজন কৰিছে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande