
কাঠমাণ্ডু, ১৩ আগষ্ট (হি.স.)। প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা নেপালী কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ শ্বেৰ বাহাদুৰ দেউৱা স্বদেশলৈ উভতি আহিছে। বৃহস্পতিবাৰে তেওঁ বেংকক হৈ নেপালত উপস্থিত হয় । ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নেপালী কংগ্ৰেছৰ নেতা, কৰ্মী, শুভাকাংক্ষীয়ে তেওঁক আদৰণি জনায়।
বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত জেন-গী আন্দোলনৰ সময়ত দেউৱা আৰু তেওঁৰ পত্নী অৰ্জু ৰাণা দেউৱাক আক্ৰমণ কৰা হৈছিল। তেওঁলোকৰ ঘৰতো জুই লগাই দিয়া হয়। এই ঘটনাৰ পিছতে দেউভা চিকিৎসাৰ বাবে ছিংগাপুৰলৈ যায়। মাৰ্চ মাহত তেওঁ অধিক চিকিৎসাৰ বাবে ছিংগাপুৰ হৈ হংকংলৈ যায়।
প্ৰায় সাড়ে পাঁচ মাহৰ অন্তত বৃহস্পতিবাৰে হংকঙৰ পৰা বেংকক হৈ নেপাললৈ উভতি আহে দেউৱা। কংগ্ৰেছৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি পূৰ্ণ বাহাদুৰ খাডকা, প্ৰকাশমান সিং, কৃষ্ণ প্ৰসাদ সীতৌলা, আনন্দ ধুংগানা, মোহন বাছনেট, বিমলেন্দ্ৰ নিধিকে ধৰি কেইবাজনো নেতাই দেউভাক আদৰণি জনাই বিমানবন্দৰত উপস্থিত হয়।
নেপাললৈ উভতি অহাৰ লগে লগে দেউৱাই দলৰ ভিতৰত ঐক্য আৰু ৰাষ্ট্ৰীয় একতা শক্তিশালী কৰাৰ আহ্বান জনায়। তেওঁ কয় যে তেওঁ ক্ষমতা বা কৰ্তৃত্ব লাভ কৰিবলৈ নহয়, বৰঞ্চ ৰাষ্ট্ৰীয় একতা শক্তিশালী কৰাৰ ক্ষেত্ৰত সক্ৰিয় হ’বলৈ ঘূৰি আহিছে। দেশত সক্ৰিয় আন সকলো ৰাজনৈতিক দলৰ সৈতে সহমত আৰু সহযোগিতাৰ ভিত্তিত নেপালী কংগ্ৰেছে ঐক্যবদ্ধভাৱে আৰু সহযোগিতাৰ ভিত্তিত আগবাঢ়িব লাগে বুলি উল্লেখ কৰে দেওৱাই। লগতে দলৰ ভিতৰত দেখা পোৱা মতানৈক্য আৰু হতাশাসমূহ শীঘ্ৰে সমাধান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁৰ উদ্দেশ্য ক্ষমতা লাভ কৰা নহয়, বৰঞ্চ ৰাষ্ট্ৰীয় একতা শক্তিশালী কৰাহে। দেউৱাই ক'লে, মই নেতা হিচাপে নহয়, এই মহান ৰাষ্ট্ৰৰ আজীৱন নাগৰিক হিচাপে ঘূৰি আহিছো। তেওঁ ৰাষ্ট্ৰ, ৰাষ্ট্ৰীয়তাবাদ, গণতন্ত্ৰ, আইনৰ শাসনৰ প্ৰতি নিজৰ অটল দায়বদ্ধতাক পুনৰবাৰ উল্লেখ কৰে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ