
কাঠমাণ্ডু, ১৩ আগষ্ট (হি.স.)। বৃহস্পতিবাৰে চীনৰ ন্যালামৰ জিম্মু পোষ্টৰ সমীপত হোৱা এক বৃহৎ ভূমিস্খলনে নেপালৰ ভোটেকোছি নদীৰ সোঁতত ব্যাঘাত জন্মায় । ভূমিস্খলনৰ ফলত নদীখনৰ প্ৰায় আধা অংশ বন্ধ হৈ পৰিছে।
সিন্ধুপালচোক জিলা আৰক্ষী কাৰ্যালয়ৰ তথ্য অনুসৰি বৃহস্পতিবাৰে ভোটেকোছি গাঁও পৌৰসভাৰ লিপিঙৰ বিপৰীতে থকা চীনা অঞ্চলত শিল আৰু বোকা লৈ ব্যাপক ভূমিস্খলন সংঘটিত হয়। ইয়াৰ ফলত চীনৰ পৰা নেপাললৈ বৈ যোৱা ভোটেকোছি নদীৰ সোঁত ব্যাহত হৈছে।
আৰক্ষীয়ে সকীয়াই দিছে যে নদীখনৰ সোঁতত ব্যাঘাত জন্মালে যিকোনো সময়তে ক্ষন্তেকীয়া বানপানী বা অন্যান্য দুৰ্যোগৰ সৃষ্টি হ’ব পাৰে। সম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি ভোটেকোছি, বাহৰবিছে, আৰু বালেফি গাঁও অঞ্চলৰ নদীৰ পাৰত বসবাস কৰা বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ আৰু প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ