ঘৰে ঘৰে ত্ৰিৰংগা অভিযানৰ অংশ হিচাপে নীতিন নবীনৰ নিজৰ বাসগৃহত ত্ৰিৰংগা উত্তোলন
নতুন দিল্লী, ১৩ আগষ্ট (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ঘৰে ঘৰে ত্ৰিৰংগা অভিযানৰ অংশ হিচাপে বৃহস্পতিবাৰে নতুন দিল্লীৰ বাসগৃহৰ ছাদত ত্ৰিৰংগা উত্তোলন কৰি গৌৰৱেৰে এখন চেলফি তুলি লয়। এই অভিযানৰ জৰিয়তে নীতিন নবীনে দেশবাসীক
भाजपा अध्यक्ष नितिन नवीन ने लहराया तिरंगा


নতুন দিল্লী, ১৩ আগষ্ট (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ঘৰে ঘৰে ত্ৰিৰংগা অভিযানৰ অংশ হিচাপে বৃহস্পতিবাৰে নতুন দিল্লীৰ বাসগৃহৰ ছাদত ত্ৰিৰংগা উত্তোলন কৰি গৌৰৱেৰে এখন চেলফি তুলি লয়। এই অভিযানৰ জৰিয়তে নীতিন নবীনে দেশবাসীক ত্ৰিৰংগাৰ প্ৰতি শ্ৰদ্ধা আৰু গৌৰৱ প্ৰকাশ কৰিবলৈ আহ্বান জনায়।

নীতিন নবীনে এক্সত লিখিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানৰ পিছত আজি ঘৰে ঘৰে ত্ৰিৰংগা অভিযানৰ অংশ হিচাপে তেওঁৰ বাসগৃহত ত্ৰিৰংগা উত্তোলন কৰি তেওঁ ৰাষ্ট্ৰৰ প্ৰতি নিজৰ ভাগ-বতৰা দায়বদ্ধতা প্ৰকাশ কৰাৰ লগতে স্বাধীনতা সংগ্ৰামৰ অমৰ শ্বহীদসকলক স্মৰণ কৰে। ঘৰে ঘৰে ত্ৰিৰংগা অভিযানৰ অংশ হ'বলৈ আৰু ঘৰতে ত্ৰিৰংগা উত্তোলন কৰি এই গৌৰৱময় অভিযানত অংশগ্ৰহণ কৰিবলৈ নবীনে দেশবাসীক আহ্বান জনায়।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে দেশবাসীক ত্ৰিৰংগৰ সৈতে তেওঁলোকৰ ফটো তুলি #HarGharTiranga হেচটেগেৰে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিবলৈ আহ্বান জনায়, আৰু সমগ্ৰ দেশতে জনসাধাৰণৰ অংশগ্ৰহণৰ এই আন্দোলনক সম্প্ৰসাৰিত কৰিবলৈ, যাতে প্ৰতিটো ঘৰতে ত্ৰিৰংগাৰ ৰঙেৰে ৰঙীন কৰা হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande