
গুৱাহাটী, ১৩ আগষ্ট (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰযুক্তি-আধাৰিত চিগনেলিং আৰু টেলিযোগাযোগ ব্যৱস্থাৰ বিভিন্ন পদক্ষেপৰ জৰিয়তে ইয়াৰ ৰে’লৱে নেটৱৰ্কৰ আধুনিকীকৰণৰ কাম আগবঢ়াই লৈ গৈছে। ইয়াৰ ফলত সুৰক্ষা, পৰিচালনগত স্থিতিস্থাপকতা, যোগাযোগ ব্যৱস্থাৰ নিৰ্ভৰযোগ্যতা আৰু যাত্ৰী-কেন্দ্ৰিক সেৱা অধিক শক্তিশালী হৈছে। চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা ৩১ জুলাইলৈকে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ বিভিন্ন স্থানত কেইবাটাও গুৰুত্বপূৰ্ণ ছিগনেলিং আৰু টেলিযোগাযোগ ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে।
এন এফ আৰৰ চি পি আৰ অ’ কপিঞ্জল কিশোৰ শৰ্মাই আজি কয় যে সুৰক্ষা আন্তঃগাঁথনি আৰু ছিগনেলিং প্ৰণালী শক্তিশালীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ৯টা ষ্টেচনত ইলেক্ট্ৰনিক ইণ্টাৰলকিং ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে, আনহাতে ৪০ খন লেভেল ক্ৰছিং গেটত ইণ্টাৰলকিং কৰা হৈছে আৰু ৩৯টা স্লাইডিং বুম কমিছনিং কৰা হৈছে। ইয়াৰ ফলত গুৰুত্বপূৰ্ণ সংযোগস্থলসমূহত সুৰক্ষা বৃদ্ধি হোৱাৰ লগতে ৰে’ল চলাচল অধিক সুচাৰুৰূপে সম্পন্ন কৰাত সহায়ক হৈছে। লগতে, আলুৱাবাৰী ৰোড–গাইছাল–পাঞ্জীপাৰা খণ্ডত ২৯.৭৩ ৰুট কিলোমিটাৰ অটোমেটিক ব্লক ছিগনেলিং কমিছনিং কৰা হৈছে, যাৰ ফলত ছিগনেলিং ব্যৱস্থাৰ সক্ষমতা আৰু পৰিচালনগত দক্ষতা বৃদ্ধি হৈছে।
উত্তৰ-পূব সীমান্ত ৰে’লৱেই একে সময়তে প্ৰযুক্তি-আধাৰিত নিৰীক্ষণ ব্যৱস্থাও সম্প্ৰসাৰিত কৰি ৭৪ টা ষ্টেচন আৰু ২৪ খন লেভেল ক্ৰছিং গেটত চিচিটিভি ব্যৱস্থা কমিছনিং কৰিছে। ইয়াৰ ফলত তাৎক্ষণিকভাৱে নিৰীক্ষণ কৰাৰ ক্ষমতা বৃদ্ধি হোৱাৰ লগতে সমগ্ৰ ৰে’লৱে নেটৱৰ্কত সুৰক্ষা আৰু নিৰাপত্তাৰ অধিক শক্তিশালী পৰিৱেশ গঢ়ি উঠিছে।
পৰিচালগত ডিজিটেলীকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে লামডিং আৰু তিনিচুকীয়া মণ্ডলত ভিওআইপি –ভিত্তিক ট্ৰেইন কন্ট্ৰোল কমিউনিকেছন চিষ্টেম (টিচিচিএছ)স্থাপন কৰা হৈছে। ইয়াৰ ফলত নিৰ্ভৰযোগ্য যোগাযোগ ব্যৱস্থা সুগম হোৱাৰ লগতে নিয়ন্ত্ৰিত ৰেল পৰিচালন অধিক দক্ষতাৰে সম্পন্ন কৰাত সহায়ক হৈছে।
যাত্ৰী সেৱাৰ ডিজিটেল আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ বাবে ১০টা টায়াৰ-I স্থানত আৰচিআইএল পেছেঞ্জাৰ ৰিজাৰ্ভেচন চিষ্টেমৰ চাৰ্কিট ২ এমবিপিএছ ৰ পৰা ১০ এমবিপিএছ লৈ উন্নীত কৰা হৈছে। ইয়াৰ ফলত নেটৱৰ্কৰ ক্ষমতা আৰু নিৰ্ভৰযোগ্যতা যথেষ্ট বৃদ্ধি হৈছে। লগতে, ৮টা ষ্টেচনত ইন্টিগ্ৰেটেড পেছেঞ্জাৰ ইনফৰমেচন চিষ্টেম প্ৰদান কৰা হৈছে, যাৰ ফলত যাত্ৰীসকলক সময়মতে তথ্য প্ৰদানৰ ব্যৱস্থা অধিক শক্তিশালী হৈছে।
এই প্ৰযুক্তিনিৰ্ভৰ পদক্ষেপসমূহৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰেলৱেই ক্ৰমান্বয়ে অধিক স্থিতিস্থাপক, সতৰ্ক আৰু দক্ষ ৰে’লৱে ব্যৱস্থালৈ ৰূপান্তৰিত হৈ আছে। উন্নত সংকেত ব্যৱস্থা, ডিজিটেল যোগাযোগ, নিৰীক্ষণ আৰু যাত্ৰী তথ্য প্ৰণালীৰ সমন্বয়ে সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে ৰে’ল পৰিচালন আৰু যাত্ৰী সেৱাৰ সামগ্ৰিক মান উন্নত কৰাত সহায়ক হৈছে।
---------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ