
দক্ষিণ শালমাৰা-মানকাচৰ, ১৩ আগষ্ট (হি.স)
। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান চলাই
১৯ গ্ৰাম হেৰ’ইনসহ ২ ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিছে।
এক গোপন খবৰৰ ভিত্তিত মানকাচৰ থানাৰ অন্তৰ্গত পুবেৱ গাঁৱত আৰক্ষীয়ে অভিযান চলাই আফজালুৰ ৰহমান আৰু আৰিফ আহমেদ নামৰ দুজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।
আৰক্ষীৰ অভিযানত দুয়োজনৰ পৰা ১৮টা প্লাষ্টিকৰ কণ্টেইনাৰত ভৰ্তি মুঠ ১৯ গ্ৰাম হেৰ’ইন জব্দ কৰা হয় ।
আৰক্ষীৰ সূত্ৰ অনুসৰি, আটকাধীন দুজনে এখন পালছাৰ বাইকেৰে হেৰ’ইনখিনি সৰবৰাহ কৰি নিয়াৰ সময়তে আৰক্ষীয়ে তালাচী চলাই ড্ৰাগছখিনি জব্দ কৰে । লগতে আৰক্ষীয়ে পালছাৰ বাইকখনৰ উপৰি দুখন স্মাৰ্টফোনো জব্দ কৰে।
আটকাধীন দুয়োজনক অধিক তথ্যৰ বাবে মানকাচৰ থানালৈ লৈ গৈ সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা