
ইম্ফল, ১৩ আগষ্ট (হি.স.)। মণিপুৰত বিগত ২৪ ঘন্টাত নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে চলোৱা বিভিন্ন অভিযানত ধন দাবীৰ অভিযোগত জড়িত উগ্ৰপন্থী কেডাৰ আৰু ড্ৰাগছ সৰবৰাহকাৰীকে ধৰি কেইবাজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযানৰ সময়ত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য, বিস্ফোৰক, আৰু অন্যান্য নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰা হয়।
১২ আগষ্টত নিৰ্দিষ্ট তথ্যৰ ভিত্তিত থৌবাল চিডিঅ’ৰ দলটোৱে খংজোম থানা এলেকাৰ ছাপাম অঞ্চলত এক তালাচী অভিযান চলায়। এই অভিযানৰ সময়ত কেৱাইকেএলৰ কথিত সক্ৰিয় কেডাৰ আৰু ধন দাবীৰ লগত জড়িত ৪১ বছৰীয়া চংথাম প্ৰেমচান্দ সিঙক গ্ৰেপ্তাৰ কৰা হয়।
আন এক অভিযানত আৰক্ষীৰ এটা দলে ইম্ফল পূৱ জিলাৰ খাবাম লামখাইৰ পৰা সেনাপতি কাৰোঙৰ লাৰৌচিঙৰ নিবাসী ২৬ বছৰীয়া লক্ষ্মণ ৰসাইলীক গ্ৰেপ্তাৰ কৰে। তেওঁৰ হাতত ১,৯০৮ বটল ক’ডেইনযুক্ত কাহ চিৰাপ আৰু এনএল ০১এজি ০৭৪৬ নম্বৰৰ এখন টাটা ট্ৰাক উদ্ধাৰ কৰে।
ইম্ফল পূৱ জিলাৰ কিৰাও মাকটিং আৱাং লেইকাই নিবাসী আহমেদ হুছেইন (৪৪) নামৰ এজন আৰক্ষীৰ দলে ইৰিলবুং অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা ৪৫ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন পাউদাৰ উদ্ধাৰ কৰে।
হিয়াংলাম থানাৰ অধীনস্থ কাকচিং জিলাৰ খোইদুমপাট অঞ্চলৰ হিয়াংলাম বাছিখং মেৰিলত অভিযান চলোৱাৰ সময়ত আৰক্ষীয়ে প্ৰায় ১.৫ কিলোগ্ৰাম প্লাষ্টিক বিস্ফোৰক, ১৪টা ডিটনেটৰ আৰু প্ৰায় ১২ ইঞ্চি নিৰাপত্তা ফিউজ উদ্ধাৰ কৰে।
চুৰাচান্দপুৰ জিলাত হিয়াংটাম লামকা অঞ্চলৰ লোয়াৰ মিছন ভেঙত এখন বাহন আটক কৰি ৪৩ বছৰীয়া থাংলামখুপ মানলুনক গ্ৰেপ্তাৰ কৰে। সন্দেহযুক্ত ব্ৰাউন চুগাৰেৰে ভৰ্তি ৩৩টা চাবোনৰ বাকচ উদ্ধাৰ কৰে, যাৰ মুঠ ওজন ৪৭৪ গ্ৰাম। ঘটনাস্থলীৰ পৰা এখন পঞ্জীয়ন নম্বৰ MN06 L 3170 যুক্ত এখন হুণ্ডাই ক্ৰেটাও জব্দ কৰা হৈছে।
ইম্ফল ইষ্টত চিডিঅ’ৰ দলটোৱে ২ জেক লীৰ সমন্বয়ত কংবা লাইৰেনপাটৰ পৰা ২৩ বছৰীয়া য়েনচেম্বাম আনাও মেইটেইক গ্ৰেপ্তাৰ কৰে। তেওঁ কেচিপি (এমএফএল)ৰ সক্ৰিয় কেডাৰ হোৱাৰ লগতে ধন দাবীৰ লগত জড়িত বুলি অভিযোগ উত্থাপন হৈছে।
ইয়াৰ পূৰ্বে হাইংগাং থানা আৰু চিডিঅ’ ইম্ফল ইষ্টৰ যৌথ দলে মণিপুৰৰ মন্ত্ৰীপুখৰী বজাৰত ড্ৰাগছ বিৰোধী অভিযান চলাইছিল। এই অভিযানৰ সময়ত মহম্মদ আকিলুৰ ৰহমান (২৮), আৰিবাম ইফতাৰ (২১), আৰু মোড ইকবাল খান (৪৪)ক গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকৰ পৰা ১৪২টা ক’ডেইন ভিত্তিক নিষিদ্ধ সামগ্ৰীৰ বটল আৰু এখন i20 গাড়ী উদ্ধাৰ কৰা হৈছে।
দিল্লী আৰক্ষীৰ অনুৰোধত চুৰাচান্দপুৰ আৰক্ষী থানাই কংৱাই অঞ্চলৰ পৰা এখন চুৰি ক’লা ৰঙৰ হুণ্ডাই উদ্ধাৰ কৰি দিল্লী আৰক্ষীৰ উত্তম নগৰ আৰক্ষী থানাৰ দলক গতাই দিয়ে।
সেইদিনা ইম্ফল ইষ্টৰ চিডিঅ’ই মহিলা আৰক্ষী জোৱান আৰু ২৮ আছাম ৰাইফলছৰ সমন্বয়ত ছেকতা আৱাং লেইকাইৰ পৰা ২৭ বছৰীয়া অইনাম (অংবি) টেণ্ডেন দেৱীক ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। তেওঁৰ হাতত ২২.৭৫ কেজি সন্দেহযুক্ত গাঞ্জা আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰা হৈছে।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ