ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ জিএছটি সম্পৰ্কীয় সমস্যা দূৰ কৰাৰ দাবীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ
গুৱাহাটী/নতুন দিল্লী, ১৩ আগষ্ট (হি.স.) যোৰহাট লোকসভা সমষ্টিৰ সাংসদ, লোকসভাত কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ এক পত্ৰ প্ৰেৰণ কৰি সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) নিয
গৌৰৱ গগৈ্। ফাইল ফটো


গুৱাহাটী/নতুন দিল্লী, ১৩ আগষ্ট (হি.স.) যোৰহাট লোকসভা সমষ্টিৰ সাংসদ, লোকসভাত কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ এক পত্ৰ প্ৰেৰণ কৰি সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) নিয়ম-নীতি পালনৰ ক্ষেত্ৰত ক্ষুদ্ৰ ব্যৱসায়ী সকলে মুখামুখি হোৱা বিভিন্ন জটিল সমস্যাৰ বিষয়ে আলোকপাত কৰে।

ক্ষুদ্ৰ ব্যৱসায়ী, ব্যৱসায়িক প্ৰতিষ্ঠান, উৎপাদক আৰু উদ্যোগ জগতৰ বিভিন্ন অংশীদাৰ সকলৰ সৈতে হোৱা আলোচনাৰ ভিত্তিত সাংসদ গৰাকীয়ে জনায় যে জিএছটিৰ জটিল প্ৰক্ৰিয়া নিয়মীয়াকৈ মানি চলাটো সৰু ব্যৱসায়ী সকলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। গৌৰৱ গগৈয়ে পত্ৰখনত উল্লেখ কৰে যে জিএছটিৰ নিয়ম-নীতি সমূহৰ সঘনে পৰিৱৰ্তন বা সংশোধন হৈ থকাৰ ফলত সৰু ব্যৱসায়ী সকলে ইয়াৰ সৈতে খাপ খাই চলাত অসুবিধা পাইছে।

তদুপৰি, এই নিয়মসমূহ আঞ্চলিক ভাষাত সহজলভ্য নোহোৱাৰ বাবে ক্ষুদ্ৰ ব্যৱসায়ী সকলে দৈনন্দিন কৰ সংক্ৰান্তীয় কাম-কাজৰ বাবে মধ্যভোগীৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হৈছে। ইয়াৰ উপৰিও, জিএছটি প্ৰৱৰ্তনৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই বাকী থকা নটিছসমূহ, একাধিক কৰৰ হাৰৰ (টেক্স শ্লেব) বাবে সৃষ্টি হোৱা জটিলতা আৰু যোগানকাৰীৰ ক্ৰুটিৰ বাবে ক্ৰেতা ব্যৱসায়ীয়ে ইনপুট টেক্স ক্ৰেডিট (আইটিচি) নোপোৱা বিষয় সমূহক লৈও তেওঁ উদ্বেগ প্ৰকাশ কৰে।

এই সমস্যাসমূহ সমাধানৰ বাবে সাংসদ গগৈয়ে বিত্ত মন্ত্ৰালয়ক জিএছটিৰ কৰৰ হাৰ সৰল আৰু যুক্তিসংগত কৰাৰ লগতে বাৰে বাৰে নতুন নিয়ম আনি ব্যৱসায়ীসকলক সমস্যাত পেলোৱাৰ পৰিৱৰ্তে কম সংখ্যাৰ আৰু সম্যকভাৱে প্ৰচাৰিত অনুপালন চক্ৰ ৰূপায়ণৰ অনুৰোধ জনায়। পুৰণি জাননী সমূহৰ নিষ্পত্তিৰ বাবে এক নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰা, যোগানকাৰীৰ ভুলৰ বাবে ক্ৰেতাৰ আইটিচি বন্ধ নকৰি কেৱল দোষী যোগানকাৰীৰ পৰাহে কৰ আদায় কৰা, আৰু ব্যৱসায়িক সন্থাৰ সহযোগত জিলা পৰ্যায়ত ‘জিএছটি সুবিধা কেন্দ্ৰ’ স্থাপনৰ বাবেও তেওঁ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ উপৰিও, অসমীয়াকে ধৰি অন্যান্য আঞ্চলিক ভাষাত জিএছটিৰ নিৰ্দেশনাসমূহ উপলব্ধ কৰিবলৈ আহ্বান জনায়। এই পদক্ষেপসমূহে সৰু ব্যৱসায়ীসকলৰ বোজা হ্ৰাস কৰাৰ লগতে স্বতঃস্ফূৰ্তভাৱে কৰ পৰিশোধৰ প্ৰৱণতা বৃদ্ধি কৰিব আৰু কৰদাতা তথা প্ৰশাসনৰ মাজত বিশ্বাসৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলি তেওঁ উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande